ETV Bharat / state

Police secretly released rape accused: ধৰ্ষণৰ গোচৰত অভিযুক্তক আৰক্ষীয়ে পলুৱাই পঠিয়ালে বহিঃৰাজ্যলৈ ! - ধৰ্ষণৰ গোচৰত অভিযুক্ত

খাকী পোচাকত পুনৰ এবাৰ কলংকৰ দাগ ৷ ধৰ্ষণৰ গোচৰত অভিযুক্ত আচামীক জেললৈ নিয়াৰ পথত গোপনে মুকলি কৰিলে চেলেংহাট আৰক্ষীয়ে (Complaint against Jorhat Police) । আৰক্ষীৰ এই ঘটনা সম্পৰ্কে যোৰহাট জিলা অধীক্ষক অৱগত কৰি উচিত তদন্তৰ দাবী দল সংগঠনৰ ।

Jorhat police officer stains Assam Police
ধৰ্ষণৰ গোচৰত অভিযুক্তক আৰক্ষীয়ে পলুৱাই পঠিয়ালে বহিঃৰাজ্যলৈ
author img

By

Published : Mar 24, 2023, 1:07 PM IST

ধৰ্ষণৰ গোচৰত অভিযুক্তক আৰক্ষীয়ে পলুৱাই পঠিয়ালে বহিঃৰাজ্যলৈ !

যোৰহাট,২৪ মাৰ্চ: অসম আৰক্ষীৰ বিৰুদ্ধে ভিন্ন সময়ত ভিন্ন অভিযোগ উত্থাপন হৈ আহিছে । অসম আৰক্ষীত নিয়োজিত একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া জোৱানৰ বাবে কলংকিত হৈ আহিছে বিভাগটো । পুনৰবাৰ অসম আৰক্ষীত কালিমা সনাৰ অভিযোগ উত্থাপন হৈছে এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে । অসম আৰক্ষীৰ খাকী পোচাকত কলংকৰ দাগ লগোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে যোৰহাটৰ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে(Jorhat police officer stains Assam Police) ।

ধৰ্ষণৰ অভিযোগত অভিযুক্ত এগৰাকী আচামীক জেললৈ নিয়াৰ পথতে আদবাটতে আৰক্ষীৰ গাড়ীৰ পৰাই গোপনে পলুৱাই পঠালে আৰক্ষীয়ে । এই নাভূত নাশ্ৰুত ঘটনাটো সংঘটিত হৈছে মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীত (Police allegedly secretly released rape accused) । জানিব পৰামতে বিগত ৮ জানুৱাৰীত মৰিয়নিৰ বৈছা হাবিত টিংকু চেত্ৰী নামৰ এটা লম্পতে সমীপৰ এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলাওতেই মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে হাতে-লোটে লম্পত ৰিংকুক ধৰি চেলেংহাট আৰক্ষীক চমজাই দিছিল (Rape case in Jorhat) ।

লগে লগে ভূক্তভোগী মহিলাগৰাকীয়েও থানাত দাখিল কৰিছিল এখন এজাহাৰ । গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হ'ব বুলি পৰিয়ালক অৱগত কৰিছিল । কিন্ত শেহতীয়াকৈ পোহৰলৈ অহা অভিযোগ অনুসৰি অভিযুক্ত ৰিংকুক প্ৰকৃততে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে আৰক্ষীৰ বাহনৰ পৰাই বাহিৰে বাহিৰেই পলুৱাই পঠিয়াই দিয়া হৈছিল (Accused sent away from jail in rape case) ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি ৰিংকুৱে জেলৰ পৰিৱৰ্তে গোপনে যাত্ৰা কৰে সুদূৰ বেংগলুৰলৈ । অভিযোগ অনুসৰি এই ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল চেলেংহাট আৰক্ষী চকীত কৰ্মৰত জনৈক চৰকাৰ উপাধিৰ এজন উপ পৰিদৰ্শক । ইতিমধ্যে মৰিয়নিৰ চেলংহাট আৰক্ষীৰ এই নিকৃষ্ট কৰ্মকাণ্ডই হতচকিত কৰি তুলিছে সচেতন সমাজক । সমগ্ৰ ঘটনা সন্দৰ্ভত এক অ-ৰাজনৈতিক সংগঠনে যোৰহাট জিলা আৰক্ষী অধীক্ষক সাক্ষাৎ কৰি এই বিষয়ত এক উচিত তদন্ত দাবী কৰিছে । লগতে শীঘ্ৰেই পলাতক অভিযুক্ত ৰিংকুক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: SFI Protest : ছেবাৰ বিৰুদ্ধে এছএফআইৰ আমৰণ অনশন, চতুৰ্থ দিনত অসুস্থ কেইবাজনো অনশনকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.