যোৰহাট, ১৭ অক্টোবৰ:কৃষি আৰু কৃষকৰ সন্মান বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত সোমবাৰে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (Indian Agricultural Research Institute) নতুন দিল্লীত অনুষ্ঠিত কৃষক সন্মান সন্মিলন কাৰ্যসূচীৰ পোনপটীয়া অনলাইন সম্প্ৰচাৰ অসম কৃষি বিশ্ববিদ্যালয়তো (Live broadcast at Assam Agricultural University) কৰা হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত যোৰহাটৰ মুল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচী পাঁচ শতাধিক কৃষক উপস্থিত থাকে ।
বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹প্ৰসন্ন কুমাৰ পাঠকে আঁত ধৰা এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই কৃষকসকলক কয় যে বৰ্তমান সময়ত কৃষিৰ লগতে কৃষি উদ্যোগৰ ওপৰতো অধিক গুৰুত্ব দিয়া হৈছে । অধিক মাটিত সমন্বিত ভাবে খেতি কৰি লাভান্বিত হোৱাৰ লগতে আগুৱাই যোৱাৰ দিশত চিন্তা কৰাটো বৰ্তমান অতি প্ৰয়োজনীয় হৈ পৰিছে । চৰকাৰী আঁচনিৰে সুলভ মুল্যত চাউল লাভ কৰি খেতি কৰিবলে এৰি সেই মাটি কম দামতেই বিক্ৰী কৰাটো চিন্তাৰ কাৰণ বুলি উল্লেখ কৰি চৰকাৰী আঁচনি নাথাকিলে কেনেকৈ চলিব সেয়াও চিন্তা কৰা প্ৰয়োজন বুলি কয় ।
উক্ত অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণা প্ৰতাপ ভূঞা ,ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞান গুৰু ড৹ মহেন্দ্ৰ কুমাৰ মোডীৰ লগতে বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী আৰু ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকে । তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২৩ টা কৃষি বিজ্ঞান আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো কৃষক সন্মান সন্মিলনৰ এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।
উল্লেখ্য় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত “পিএম কিষাণ সন্মান সন্মিলন,২০২২”ৰ (PM Kisan Samman Sammelan 2022) উদ্বোধন কৰে । উক্ত অনুষ্ঠানে দেশৰ ভিন্ন প্ৰান্তৰ ১৩,৫০০ ৰোধিক কৃষক আৰু প্ৰায় ১৫০০ এগ্ৰি ষ্টাৰ্টআপক একত্ৰিত কৰে । ইয়াত ১ কোটিৰো অধিক কৃষক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:DAC Election: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বা চনৰ ৰ্বা প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ