ETV Bharat / state

PMAY scam : প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত লুন্ঠনৰাজ; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

author img

By

Published : Jul 5, 2023, 2:09 PM IST

ভুৱা হিতাধিকাৰীৰ সৃষ্টি কৰি প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত চলিছে লুন্ঠনৰাজ ৷ মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।

PMAY scam
প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত লুন্ঠনৰাজ
প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত লুন্ঠনৰাজ

যোৰহাট, 5 জুলাই : কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যতম এখন অভিলাষী আঁচনি হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা । কিন্ত উক্ত আঁচনিখনৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতি চলা পৰিলক্ষিত হৈছে ৷ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত 83 নং নামচুঙি গাওঁ পঞ্চায়তৰ অন্তৰ্গত মোহনাটিঙ গ্ৰান্তত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি আৰু লুন্ঠন ।

জানিব পৰা মতে, প্ৰকৃত হিতাধিকাৰী অজিত কুৰ্মীৰ নামত আৱন্টিত AS 2378246 নম্বৰৰ গৃহ লাভ কৰিলে অন্য এজন অজিত কুৰ্মী নামৰ ব্যক্তিয়ে ৷ । ভুৱা হিতাধিকাৰী অজিত কুৰ্মীৰ পত্নী মিনা কুৰ্মীৰ একাউণ্টত দুটা কিস্তিৰে 81 হাজাৰ 500 টকা সোমাইছিল বুলি জানিবলৈ পৰা গৈছে । উক্ত পঞ্চায়তখনৰ সভানেত্ৰী, জিঅ’ টেগকাৰীৰ বিষয়াৰ লগতে সম্পাদকগৰাকীয়ে উক্ত ভুৱা হিতাধিকাৰীৰ সৃষ্টি কৰি লুন্ঠনৰ এক বৃহৎ জাল তৈয়াৰ কৰিছে বুলি গুৰুতৰ অভিযোগ উথাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

প্ৰধানমন্ত্ৰী আৱাসগৃহ প্ৰদানৰ নামত পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়াই চলোৱা লুন্ঠন বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে অসম চাহ জনজাতি ছাত্র সন্থাই ৷ ভুৱা হিতাধিকাৰী সৃষ্টি কৰি লুন্ঠন চলোৱা সমগ্র ঘটনাই তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা পৰিলক্ষিত হৈছে । এই ধুৰন্ধৰ তথা ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে দৰিদ্ৰ লোকক মাধমাৰ শোধাই যি নিকৃষ্ট কৰ্ম কাণ্ডত লিপ্ত হৈছে এই সকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৰ্মথ হ'বনে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

যদি বিভাগীয় কৰ্তৃপক্ষই এইসকল দুৰ্নীতিগ্ৰস্থ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : Congress attack BJP : বিজেপি চৰকাৰে অসমত বোৱাব বিচাৰিছে ’সুৰাৰ গংগা’ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.