ETV Bharat / state

যোৰহাটৰ COVID কেয়াৰ কেন্দ্ৰ আকস্মিক পৰিদৰ্শন পীযুষ হাজৰিকাৰ

যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা COVID কেয়াৰ কেন্দ্ৰত হঠাতে উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৷

COVID কেয়াৰ কেন্দ্ৰ আকস্মিক পৰিদৰ্শন
COVID কেয়াৰ কেন্দ্ৰ আকস্মিক পৰিদৰ্শন
author img

By

Published : Sep 9, 2020, 3:02 PM IST

যোৰহাট, 9 ছেপ্তেম্বৰ: হঠাতে যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা COVID কেয়াৰ কেন্দ্ৰত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ৷ কেন্দ্ৰটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী গৰাকীয়ে ৷ ক্ৰমান্বয়ে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়সমূহত অভাৱ হৈছে ৰোগী ৰখাৰ আসনৰ ৷ যোৰহাট জিলাতো অনুৰূপ পৰিস্থিতিয়ে বিৰাজ কৰিছে সম্প্ৰতি ৷ জিলাখনত দৈনিক বৃদ্ধি পাইছে ১০০ৰ পৰা ১৫০ জনকৈ আক্ৰান্ত লোকৰ সংখ্যা ৷

উল্লেখ্য যে, COVID কেয়াৰ কেন্দ্ৰটোত ৰোগীৰ বাবে খাদ্যকে আদি কৰি সকলো ব্যৱস্থা নিয়াৰিকৈ গ্ৰহণ কৰা হৈছে নে নাই,সকলো ব্যৱস্থাৰে বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ সৈতে COVID কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷

লগতে পঢ়ক: ‘কা’ বাতিলৰ দাবীৰে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.