যোৰহাট, ২২ ডিচেম্বৰ: উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ উদ্যোগত বিভিন্ন দাবী কাৰ্যকৰী কৰিবলৈ মংগলবাৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে যোৰহাট জিলা সমিতিয়ে । যোৰহাট নগৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল উলিয়াই ন্যায্য প্ৰাপ্তিৰ দাবীত হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।
দিব্যাংগ সকলৰ চতুৰ্থ শ্ৰেণী পদৰ শীঘ্ৰে সাক্ষাৎকাৰ পতা, দীনদয়াল দিব্যাংগ আঁচনি ১০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি, নিৰ্বাচিত হিতাধিকাৰী সকলক বিধায়ক পুঁজিৰ ২০,০০০ টকা মোকলাই দিয়া আদিৰ লগতে কা বাতিল আৰু অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী তুলি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি কয় যে ২০১৮ চনতে চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল । কিন্তু দুবছৰ উকলি যোৱাৰ পিচতো আজিকোপতি ৫১১ টা পদৰ এটা পদতো নিযুক্তি নিদিলে এই চৰকাৰখনে । ক্ষুদ্ধ প্ৰতিবন্ধীসকলৰ দাবী, চলিত মাহৰ ২৯ তাৰিখৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰি ১৫ জানুৱাৰীৰ ভিতৰত নিযুক্তি প্ৰদান কৰিব লাগে ।
লগতে পঢ়ক: নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে ডিডিচি নিৰ্বাচনত অৱতীৰ্ণ হোৱা পাকিস্তানী মহিলাগৰাকী