ETV Bharat / state

শিথিল লক্ ডাউন : ৰাইজে পাহৰিলে নেকি সামাজিক দূৰত্ব !

গ্ৰীণ জ'নত শিথিল হ'ল লক্ ডাউন ৷ স্বস্তিৰ নিশ্বাস পেলালে গৃহবন্দী জনতাই ৷ বহু দিন ঘৰতে বন্দী হৈ থকাৰ পাচত ওলাই আহিল জনতা ৷ এতিয়াহে যেন ৰাইজে কিছু সকাহ পাইছে ৷ পিচে এতিয়াও লক্ ডাউন শেষ হোৱা নাই ৷ মাৰ যোৱা নাই কৰ'ণাৰ ত্ৰাস ৷ কিন্তু ৰাইজে পাহৰিলে সামাজিক দূৰত্বৰ কথা ৷

author img

By

Published : May 6, 2020, 8:56 PM IST

Updated : May 6, 2020, 9:07 PM IST

people in several places of Assam forgot to maintain social distance

যোৰহাট,মাজুলী,গুৱাহাটী, 6 মে' : লক্ ডাউন শিথিলৰ দিনাই ৰাজ্যত চিনাক্ত হৈছে নতুনকৈ দুজনৰ দেহত কৰ'ণা ভাইৰাছ ৷ কিন্তু ৰাজ্যৰ কেইটামান দৃশ্য দেখিলে আপুনি অনুমানেই কৰিব নোৱাৰিব যে, দুদিন আগলৈকে কৰ'ণা ত্ৰাসত জৰ্জৰিত হৈ গৃহবন্দী হৈ আছিল এইসকল লোক ৷ তেওঁলোকে পাহৰি পেলালে দুদিন আগলৈকে কি ঘটিছিল ৷

যোৰহাটৰ নিমাতী ঘাটত ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হ'বলৈ গোট খাইছে অসংখ্য লোক ৷ লক্ ডাউন শিথিলৰ আনন্দতে এইসকল লোকে পাহৰি পেলালে সামাজিক দূৰত্বৰ কথা হেঁচা-ঠেলা কৰি ফেৰীত উঠিবলৈ আহিছে লোকসকল ৷ লক্ ডাউনৰ শিথিলৰ লগে লগে যেন অতীত হ'ল সামাজিক দূৰত্ব অথবা মাস্ক পৰিধান কৰাৰ নিয়ম ৷

ৰাইজে পাহৰিলে নেকি সামাজিক দূৰত্ব !

মাজুলীৰ অফলামুখ ফেৰী ঘাটৰো একে অৱস্থা ৷ অসংখ্য মানুহে আহি ভিৰ কৰিছে ফেৰী ঘাটটোত ৷ কোনোবাই মাস্ক পৰিধান কৰিছে আন কোনোবাই নাই কৰা ৷ গাত গা লগাকৈ শাৰী পাতিছে ফেৰীত উঠিবলৈ ৷ এওঁলোকৰ কৰ্ম কাণ্ড দেখি এনে লাগিছে যেন, ক'তো একোৱেই হোৱা নাই ৷ কৰ'ণা যেন নিঃশেষ হৈ গৈছে পৃথিৱীৰ পৰা ৷ সেয়ে নিচিন্ত মনেৰে এইদৰে ঠেলা-হেঁচা কৰিবলৈ লাগিছে এইসকলে ৷

আনহাতে, গুৱাহাটী মহানগৰীৰো কোনো কোনো স্থানত অভাৱ ঘটিল সামাজিক দূৰত্বৰ ৷ তেওঁলোকে বুজা নাই, চৰকাৰেহে লক্ ডাউন শিথিল কৰিছে, পিচে কৰ'ণাৰ ভয়াৱহতা এতিয়াও বৰ্তিয়েই আছে ৷ কৰ'ণা মহামাৰীৰ সকলো ভয়-আতংকক নস্যাৎ কৰি হেলাৰঙে ঘূৰি ফুৰা এইসকল লোকৰ কাণ্ডই আচৰিত কৰিছে সচেতন মহলক ৷

লগতে পঢ়ক : অবিশ্বাস্যঃ 16 বছৰে গছৰ ওপৰত এজন যুৱক

Last Updated : May 6, 2020, 9:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.