ETV Bharat / state

তিনি ঘন্টা ধৰি যোৰহাট বাছ আস্থানত আবদ্ধ বিদেশী পৰ্যটক

author img

By

Published : Mar 10, 2020, 12:13 PM IST

মাজুলীলৈ যাব আহি বিপদত পৰে নেডাৰলেণ্ডৰ ইয়ান প্ৰিঞ্চ নামৰ এগৰাকী পৰ্যটক ৷ সমগ্ৰ বিশ্বতে এতিয়া ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শংকাত তেওঁক নিমাতী ঘাটলৈ নিবলৈ মান্তি নহ'ল এখনো যাত্ৰীবাহী বাহন ৷

বাছ আস্থানত আবদ্ধ বিদেশী পৰ্যটক
বাছ আস্থানত আবদ্ধ বিদেশী পৰ্যটক

যোৰহাট, 10 মাৰ্চঃ সমগ্ৰ বিশ্বতে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে কৰ'ণা ভাইৰাছে ৷ এই বিজাণু সংক্ৰমণৰ শংকা যেন পৰিস্ফূত সকলোৰে মুখত ৷ যাৰ বাবে যোৰহাটত আলৈ আথানি হ'ল এগৰাকী বিদেশী পৰ্যটকৰ ৷ মাজুলীলৈ যাব আহি বিপদত পৰে নেডাৰলেণ্ডৰ ইয়ান প্ৰিঞ্চ নামৰ পৰ্যটক গৰাকী ৷ তেওঁক নিমাতী ঘাটলৈ নিবলৈ মান্তি নহ'ল কোনো এখন যাত্ৰীবাহী বাহন ৷ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শংকাত এনে আচৰণ কৰে চালকসকলে ৷ উল্লেখ্য যে, সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ যে এই বিজাণুৰ দ্বাৰা মুক্ত তাৰ প্ৰমাণ পত্ৰ উলিওৱাৰ পিচতো বিপদত পৰিবলগীয়া হয় পৰ্যটক ৷ প্ৰায় তিনি ঘন্টা ধৰি যোৰহাট ৰাজহুৱা বাছ আস্থানত আবদ্ধ হৈ থাকিবলগীয়া হয় বিদেশী পৰ্যটক গৰাকী ৷

তিনি ঘন্টা ধৰি যোৰহাট বাছ আস্থানত আবদ্ধ বিদেশী পৰ্যটক

লগতে পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্মীৰ স্বাস্থ্য পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.