যোৰহাট, 3 মে': যোৰহাটৰ উপকন্ঠ পটিয়াফকলা পথাৰত ব্ৰহ্মপুত্ৰৰ পৰা অনা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ পানী পৰিবাহী পাইপসমুহ বহুৱাৰ ফলত যোৰহাট নিমাতী পথটো কদৰ্য ৰূপ লৈছে৷ পানী পৰিবাহী পাইপ বহুৱাৰ কাম সম্পূৰ্ণ হোৱাৰ বহু দিনৰ পাছত বৰ্তমানলৈ গড়কাপ্তানী বিভাগে পথটোৰ তিনি শতাংশও নিৰ্মাণ কাম সম্পূৰ্ণ কৰা নাই৷ বিভাগটোৰ চূড়ান্ত গাফিলতিৰ কাৰণে যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে পথচাৰী।
গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে - গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে
যোৰহাট নগৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমম্বয়হীনতাৰ ফল ভুগিবলগীয়া হৈছে জনসাধাৰণে । যোৰহাট-নিমাতী পকী পথৰ আধা অংশ খান্দি পানী যোগান আঁচনিৰ পাইপ বহুৱাৰ পাছত পথটো পুনৰ নিৰ্মাণ নকৰাত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে ।
গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে
যোৰহাট, 3 মে': যোৰহাটৰ উপকন্ঠ পটিয়াফকলা পথাৰত ব্ৰহ্মপুত্ৰৰ পৰা অনা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ পানী পৰিবাহী পাইপসমুহ বহুৱাৰ ফলত যোৰহাট নিমাতী পথটো কদৰ্য ৰূপ লৈছে৷ পানী পৰিবাহী পাইপ বহুৱাৰ কাম সম্পূৰ্ণ হোৱাৰ বহু দিনৰ পাছত বৰ্তমানলৈ গড়কাপ্তানী বিভাগে পথটোৰ তিনি শতাংশও নিৰ্মাণ কাম সম্পূৰ্ণ কৰা নাই৷ বিভাগটোৰ চূড়ান্ত গাফিলতিৰ কাৰণে যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে পথচাৰী।
চৰকাৰী বিভাগৰ সমন্ধয়হীনতাৰ ফল ভুগিছে জনসাধাৰণে।
যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে যোৰহাট-নিমাতী পথ।।গড়কাপ্তানী বিভাগে তিনি শতাংশ ও নিৰ্মাণ কৰা নাই পকী পথৰ।।
পকী পথৰ আধা অংশ খান্দি বহুৱাইছে পানী যোগান আচনীৰ পাইপ।যোৰহাট নগৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল সমূহত প্যশাসনৰ বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্ধয়হীনতাৰ ফল ভুগ কৰিব লগীয়া হৈছে জনসাধাৰণে।যোৰহাটৰ উপকন্ঠ পটিয়াফকলা পথাৰত অৱস্থিত ব্ৰহ্মপুত্ৰৰ পৰা অনা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ পানী পৰিবাহী পাইপসমুহ বহুৱাৰ ফলত যোৰহাট-নিমাতী পথটোৱে কদৰ্য ৰূপ লোৱাৰ পাছতো কোনো এটা বিভাগে গুৰুত্ব প্ৰদান নকৰাত জীয়াতু ভুগিছে জনসাধাৰণে।উল্লেখযোগ্য যে বৃহৎ পানী যোগান আচনিখনৰ খোৱা পানী পৰিবাহী দুডাল কৈ পাইপ বহুৱাব ৰ বাবে নিমাতী পথটো প্ৰায় আধা অংশ খান্দি পাইপ বহুৱাত অতি ব্যস্ত পথটোৰে পথচাৰী তথা যান-বাহন।যাতায়ত কৰাত অসুবিধাৰ সন্মুখীন হব লগিয়া হৈছে।