যোৰহাট,5আগষ্ট : যোৰহাটত বৰ্তমানেও সূচল হোৱা নাই বান পৰিস্থিতি ৷ উত্তৰ পশ্চিম যোৰহাটৰ ৪৪০ নং মালৌপাম প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ অপৰিৱৰ্তিত ৷ বানৰ বাবে বিদ্যালয়খনত উপস্থিত হ'ব পৰা নাই শিক্ষাৰ্থী ৷ সৰ্বমুঠ ৬১ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত ৯০% ছাত্ৰ-ছাত্ৰীয়েই অনুপস্থিত ৷ তিনি গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু এজন কৰ্মচাৰী থকা বিদ্যালয়খনত দিনত পাঠদান কৰে আৰু নিশা হ'লে বানাক্ৰান্তৰ-শিবিৰলৈ পৰিণত হয় ৷ ভোগদৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰা যোৰহাটৰ বানাক্ৰান্তৰ অঞ্চলৰ ৰাইজৰ বাবে এই বিদ্যালয়খনেই একমাত্ৰ আশ্ৰয়স্থল ৷ গ্ৰীষ্মকালীন বন্ধ চলি থকাৰ বাবে বিদ্যালয়তে বাস কৰিবলগীয়া হৈছিল অঞ্চলটোৰ বান পীড়িত ৰাইজে ৷ পিছে বান পৰিস্থিতি শাম কাটিলে যদিও দুৰ্দশাই লগ এৰা নাই এইসকল লোকক ৷ জলমগ্ন অঞ্চল সমূহলৈ উভতি যাবলৈও উপায় নাই ৷ ইফালে বিদ্যালয়ৰ পাঠদানো আৰম্ভ হৈ গ'ল ৷ আন এক সমস্যাই দেখা দিছে বানপীড়িত ৰাইজৰ মাজত ৷
কি হ'ব কণ-কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত? - গ্ৰীষ্মকালীন বন্ধ
বানৰ বাবে দু্ৰ্ভোগ ভুগিছে কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে ৷ তিনি গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু এজন কৰ্মচাৰী থকা বিদ্যালয়ত উপস্থিত তিনিগৰাকী শিক্ষাৰ্থী ৷ গ্ৰীষ্মকালীন বন্ধৰ অন্ততো বানৰ বাবে বিদ্যালয়ত উপস্থিত হ'ব পৰা নাই শিক্ষাৰ্থী ৷
যোৰহাট,5আগষ্ট : যোৰহাটত বৰ্তমানেও সূচল হোৱা নাই বান পৰিস্থিতি ৷ উত্তৰ পশ্চিম যোৰহাটৰ ৪৪০ নং মালৌপাম প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ অপৰিৱৰ্তিত ৷ বানৰ বাবে বিদ্যালয়খনত উপস্থিত হ'ব পৰা নাই শিক্ষাৰ্থী ৷ সৰ্বমুঠ ৬১ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত ৯০% ছাত্ৰ-ছাত্ৰীয়েই অনুপস্থিত ৷ তিনি গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু এজন কৰ্মচাৰী থকা বিদ্যালয়খনত দিনত পাঠদান কৰে আৰু নিশা হ'লে বানাক্ৰান্তৰ-শিবিৰলৈ পৰিণত হয় ৷ ভোগদৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰা যোৰহাটৰ বানাক্ৰান্তৰ অঞ্চলৰ ৰাইজৰ বাবে এই বিদ্যালয়খনেই একমাত্ৰ আশ্ৰয়স্থল ৷ গ্ৰীষ্মকালীন বন্ধ চলি থকাৰ বাবে বিদ্যালয়তে বাস কৰিবলগীয়া হৈছিল অঞ্চলটোৰ বান পীড়িত ৰাইজে ৷ পিছে বান পৰিস্থিতি শাম কাটিলে যদিও দুৰ্দশাই লগ এৰা নাই এইসকল লোকক ৷ জলমগ্ন অঞ্চল সমূহলৈ উভতি যাবলৈও উপায় নাই ৷ ইফালে বিদ্যালয়ৰ পাঠদানো আৰম্ভ হৈ গ'ল ৷ আন এক সমস্যাই দেখা দিছে বানপীড়িত ৰাইজৰ মাজত ৷
বান আক্ৰান্ত উত্তৰ পশ্চিম যোৰহাটত এতিয়া পৰিৱেশ নাই শিক্ষাৰ।বিদ্যালয় সমূহৰ গ্ৰীষ্মকালীন বন্ধ শেষ হোৱাৰ পিছতো উপস্থিতি সেৰেঙা ছাত্র-ছাত্ৰীৰ।কাৰন ঘৰ ভিতৰত এতিয়াও ভোগদৈৰ পানী।মালৌখাত গড়কম্পানী পথত এতিয়াও পানীৰ তলত।মুঠৰ ওপৰত অবৰ্ণীয় অৱস্থা।আজি ৫ আগষ্ট হলহি কিন্তু বিদ্যালয়ত উপস্থিতি নাই বুলিব পাৰি।উত্তৰ পশ্চিম যোৰহাটৰ ৪৪০ নং মালৌপাম প্ৰাথমিক বিদ্যালয়ত উপস্থিত ছাত্র-ছাত্ৰী সংখ্যা তিনি গৰাকী।তিনি জন শিক্ষক-শিক্ষয়িত্ৰী এজন কৰ্মচাৰী থকা বিদ্যালয় খনত দিনত শ্ৰেণী আৰু নিশা হলে বান-শিৱিৰ।সৰ্বমুঠ ৬১ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনত ৯০% ছাত্ৰ-ছাত্ৰী অনুপস্থিত।কাৰন কি প্ৰধান শিক্ষয়ত্ৰী শান্তি হাজৰিকাৰ মুখৰে শুনক।
byte_head_teachers
আনহাতে যি কেইজন ছাত্র-ছাত্ৰী উপস্থিত আছে তেওলোকে বান শিৱিৰত থকা বাবেই বিদ্যালয়ৰ শ্ৰেণীত উপস্থিত থাকিবলৈ সক্ষম হৈছে।ঘৰ ভিতৰত একাঠো পানী।বিপদ সংকুল যাত্ৰা কৰি আহিবলৈ বাধ্য হৈ পৰিছে।
byte_student
বৃহত্তৰ উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাত, মালৌপাম,ৰান্ধনী জান,কেৰিমেৰী ত এতিয়া ও বানৰ বিভিষিকাৰ ছৱীয়ে স্পষ্ট কৰিছে ৰজা ঘৰৰ গুৰুত্ব কিমান সাধাৰণ জনতাৰ প্ৰতি।