ETV Bharat / state

Pathetic road condition: জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগ টীয়কবাসীৰ

author img

By

Published : Mar 24, 2023, 5:33 PM IST

চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে বিপদ মাতিছে টীয়কবাসীলৈ । বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিধ্বস্ত ৰূপ লোৱা পথৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে । পথ নহয় যেন পথাৰৰ, পুখুৰীৰৰ মাজেৰেহে পাৰ হৈছে স্থানীয় ৰাইজে(Poor road condition in Teok) ।

Poor road condition in Teok
জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগ টীয়কবাসীৰ

জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগ টীয়কবাসীৰ

টীয়ক,২৪ মাৰ্চ: উজনিৰ আয়ুসৰেখা স্বৰূপ চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া আৰ্শীবাদ নহয় যেন অভিশাপ হৈ পৰিছে পথচাৰীৰ বাবে । ২০১৪ চনতে এক অভিলাষী প্ৰকল্পৰ জৰিয়তে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে উন্নীতকৰণ কৰি আধাৰশিলা স্থাপন কৰাৰ পাছতো এই পথটো সুদীৰ্ঘ ৮ বছৰে সম্পূৰ্ণ নহ'ল । নিৰ্মীয়মান অৱস্থাত থকা পথচোৱাত নিতৌ সংঘটিত হৈ আহিছে দুৰ্ঘটনা(Fatal accident scare) ।

ইফালে বৰষুণ দিলেই পথচোৱাই ৰূপ লয় পথাৰৰ । বাৰিষাৰ আনসময়ৰ দৰেই শুকুৰবাৰে পুৱাও বৰষুণে বিদ্ধস্ত কৰি থোৱা পথচোৱাত সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ । শিৱসাগৰৰ পৰা আহি থকা এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক আৰু এখন যাত্ৰীবাহী বাছ বৰষুণৰ ফলত পথৰ ওপৰত সৃষ্টি হোৱা দ গাঁতত পৰি আবদ্ধ হৈ পৰে । যাৰফলত ৰাষ্ট্ৰীয় ঘাইপথটো তিনিঘন্টাৰো অধিক সময় বাবে যাতায়ত ব্য়ৱস্থা ব্যাহত হৈ পৰে(Poor road condition in Teok) ।

উল্লেখযোগ্য যে যোৱা কেইবাদিনো ধৰি দিয়া নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত নিৰ্মীয়মান পথচোৱা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে(Pathetic road condition in Teok) । যাৰ পৰিপ্ৰেক্ষিতত বহু পথচাৰী দুৰ্ঘটনাত পতিত হৈ চিৰ দিনৰ বাবে ঘূণীয়া হৈছে । ইফালে অতি সোনকালে উক্ত পথছোৱা মেৰামতিৰ বাবে টীয়কৰ বিভিন্ন দল সংগঠন তথা সচেতন ব্যক্তিয়ে দাবী জনাই আহিছে যদিও কোনো কানসাৰ নাই পথ নিৰ্মাতা কোম্পানীৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ(No government response) ।

সেয়ে এই পথচোৱা অনতি পলমে মেৰামতি কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সূচল কৰি তুলিবলৈ ৰাইজে পুনৰ দাবী উত্থাপন কৰে । আনহাতে এই যান-যঁটৰ ফলত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী বহু দূৰ বোকা পানী খচকি খোজকাঢ়ি যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । মুঠতে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে পথচাৰীসকল । আৰক্ষী উপস্থিত হৈ কিছু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও পুনৰ বৰষুণ অহাৰ লগে লগে যে এনে পৰিস্থিতি পুনৰ সৃষ্টি হ’ব সেয়া নিশ্চিত হৈ পৰিছে এই মূহুৰ্তত । অনতিপলমে পথ নিৰ্মাণৰ লগত জড়িত প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰি যাতায়ত সুচল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: AMCH doctor negligence : আজৱ কাণ্ড, নিশা হাস্পতালত শুবলৈহে যায় চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.