ETV Bharat / state

মৃত্য়ুৰ ক্ষণ গণিছে অনেক আমোলা-বিষয়া গঢ় দিয়া এখন বিদ্যালয়ে

১৮৮৩ চনতে স্থাপন কৰা হৈছিল যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয় ৷ যোৰহাট চহৰখনৰ সোঁ-মাজত থকা সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা থকা বিদ্যালয়খন এতিয়া জৰ্জৰিত আৰু বিধ্বস্ত । প্ৰাক্তন ছাত্ৰ সমূহৰ দাবী নতুনকৈ চৰকাৰে গুৰুত্ব আৰোপ কৰক । যাতে আকৌ নতুন প্ৰভাত হয় এই চৰকাৰী বিদ্যালয়খনৰ ।

PATHETIC CONDITION OF GOVT SCHOOL
PATHETIC CONDITION OF GOVT SCHOOL
author img

By

Published : Aug 5, 2020, 10:39 PM IST

যোৰহাট, 5 আগষ্ট : এখন ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়ৰ কৰুণ ছবি । ক্ৰমান্বয়ে মৃত্যুৰ দিশলৈ গতি কৰিছে এখন চৰকাৰী বিদ্যালয়ে । ১৮৮৩ চনতে স্থাপন কৰা হৈছিল যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয় ৷ যোৰহাট চহৰখনৰ সোঁ-মাজত থকা সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা থকা বিদ্যালয়খন এতিয়া জৰ্জৰিত আৰু বিধ্বস্ত ।

PATHETIC CONDITION OF GOVT SCHOOL
যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয় বিধ্বস্ত ৰূপ

এই চৰকাৰী বিদ্যালয় খনৰ পৰাই কোনোবা মন্ত্ৰী, কোনোবা বিধায়ক, কোনোবা মুখ্যমন্ত্ৰীও হ’ল ৷ কিন্তু কাৰো ভাবিবৰ আহৰি নহ’ল চৰকাৰী ঐতিহ্যমণ্ডিত বিদ্যালয় খনৰ কথা।

PATHETIC CONDITION OF GOVT SCHOOL
বৃটিছে নিৰ্মাণ কৰা বিদ্যালয় গৃহ

যোৰহাটৰ আন আন চৰকাৰী বিদ্যালয় সমূহৰ বৰ্তমান অৱস্থা সুন্দৰ আৰু স্বচ্ছল । কিন্তু ঐতিহ্যমণ্ডিত এই চৰকাৰী বিদ্যালয়খনৰ এতিয়া সম্পূৰ্ণ ভগ্নপ্ৰায় । ডেক্স, বেঞ্চ, দুৱাৰ, খিৰিকীৰ অৱস্থা তথৈবচ । প্ৰাক্তন ছাত্ৰ সমূহৰ দাবী নতুনকৈ চৰকাৰে গুৰুত্ব আৰোপ কৰক । যাতে আকৌ নতুন প্ৰভাত হয় এই চৰকাৰী বিদ্যালয়খনৰ ।

মৃত্য়ুৰ ক্ষণ গণিছে অনেক আমোলা-বিষয়া গঢ় দিয়া এখন বিদ্যালয়ে

শিক্ষা ব্য়ৱস্থাৰ আধুনিকীকৰণৰ কথা কৈ থকা চৰকাৰখনৰ চকু পৰিব নে এই বিদ্যালয়খনত ৷ নে এনেকৈ তিল তিলকৈ মৃত্যুৰ দিশলৈ গতি কৰিব একালৰ গৌৰৱৰ প্ৰতীক স্বৰূপ এই বিদ্যালয়খনে ৷

লগতে পঢ়ক : প্ৰতিশ্ৰুতি আৰু বঞ্চনা : অনিশ্চয়তাত 524 গৰাকী শিক্ষকৰ চাকৰিৰ ভৱিষ্যৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.