ETV Bharat / state

পলাশ চাংমাইয়ে জাতিটোক প্ৰতাৰণা কৰিছেঃমনোজ গগৈ - অখিল গগৈ

কা বিৰোধী আন্দোলনৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰে যুটীয়া সংগ্ৰামত অংশগ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এতিয়া অখিল গগৈৰ বিৰুদ্ধে চাংমায়ে কৰা মন্তব্য সমৰ্থন যোগ্য নহয় । বিজেপিৰে অশুভ মিত্ৰতা কৰি নিজৰ পত্নীক চৰকাৰী চাকৰিত নিযুক্তি দি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে জাতিটোক প্ৰতাৰণা কৰিছে ।

Palash Changmai has deceived the People
পলাশ চাংমাইয়ে জাতিটোক প্ৰতাৰণা কৰিছেঃমনোজ গগৈ
author img

By

Published : Sep 13, 2020, 10:05 AM IST

টীয়ক,13ছেপ্তেম্বৰঃ জাতীয় সংগ্ৰামত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে গ্ৰহণ কৰা কেতবোৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে । শনিবাৰে টীয়কত সংগঠনটোৱে আয়োজন কৰা এক সংবাদ মেলত মনোজ গগৈয়ে কয় যে, কা বিৰোধী আন্দোলনৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰে যুটীয়া সংগ্ৰামত অংশগ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এতিয়া অখিল গগৈৰ বিৰুদ্ধে চাংমায়ে কৰা মন্তব্য সমৰ্থন যোগ্য নহয় । বিজেপিৰে অশুভ মিত্ৰতা কৰি নিজৰ পত্নীক চৰকাৰী চাকৰিত নিযুক্তি দি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক চাংমাইয়ে জাতিটোক প্ৰতাৰণা কৰিছে । তদুপৰি বিজেপি বিৰোধী সংগ্ৰামত জড়িত থাকিও বিজেপিৰ সাংসদ প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী সভাত সংগঠনটোৰ কেন্দ্ৰীয় উপ সভাপতি গৰাকীয়ে অংশগ্ৰহণ কৰাৰ পাছতো আজি পৰ্যন্ত সংগঠনটোৰ পৰা বহিস্কৃত নোহোৱা ঘটনাই সংগঠনটোৰ প্ৰকৃত স্বৰূপ ওলাই পৰা বুলি কৰিলে মন্তব্য ৷

পলাশ চাংমাইয়ে জাতিটোক প্ৰতাৰণা কৰিছেঃমনোজ গগৈ

ইপিনে ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ আহ্বায়ক সমিতিৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া ৰঞ্জিত শেখৰ মুছাহাৰী নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক ৷ কিন্তু তেনে ব্যক্তিক সংগঠন দুটাই নিযুক্তি দি ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে সংবাদমেলত ।

আনহাতে,জাতিৰ স্বাৰ্থত এনেবোৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিলে পূৰ্বতে ভুৱা তথ্যৰ ভিত্তিত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত কেতবোৰ বাতৰিকে এটা স্বাৰ্থম্বেষী চক্ৰই সামাজিক মাধ্যমত আপলোড কৰি মানসিক হাৰাশাস্তি কৰা কাৰ্যৰ পৰা বিৰত থকাৰ অনুৰোধ জনায় গগৈয়ে । অন্যথা এনে কাৰ্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে ।

লগতে পঢ়কঃসৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ সাজু কৰা হ’ব দৰিদ্ৰ ছাত্ৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.