ETV Bharat / state

জাঁজী নদীত বাঢ়নী পানীয়ে খহাই নিলে দলং

দীৰ্ঘদিনধৰি এজাৰগুৰিত জাঁজী নদীৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল ৰাইজে ৷ কিন্তু জনপ্ৰতিনিধিসকলৰ অমনোযোগিতাৰ বাবে আজিও হৈ নুঠিল স্থায়ী দলং ।

জাঁজী নদীত বাঢ়নী পানীয়ে খহাই নিলে দলং
author img

By

Published : May 2, 2019, 12:26 PM IST

টিয়ক , 2 মে' : বছৰৰ প্ৰথম বাঢ়নী পানীয়ে জাঁজী নদীৰ এজাৰগুৰিৰ বাঁহৰ দলংখনলৈ নমাই চৰম ভাবুকি ৷ দীৰ্ঘদিন ধৰি জাঁজী নদীৰ ওপৰত এজাৰগুৰিত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল যদিও জনপ্ৰতিনিধিসকলৰ অমনোযোগিতাৰ বাবে আজিও হৈ নুঠিল স্থায়ী দলংখন ।ৰাজনৈতিক নেতা সকলে নিৰ্বাচনৰ প্ৰাকক্ষণত কেৱল প্ৰতিশ্ৰুতি প্ৰদানতে নিজ নিজ দায়িত্ব শেষ কৰাৰ বাবেই এতিয়া সৰ্বসাধাৰণ ৰাইজে যমৰ যান্ত্ৰনা ভোগ কৰি থাকিব লগা হোৱাটো নিয়মত পৰিণত হৈছে ।

জাঁজী নদীত বাঢ়নী পানীয়ে খহাই নিলে দলং

লগতে পঢ়ক : মৰিগাঁৱত নৃশংস হত্যাকাণ্ড! হত্যাকাৰীক আটক আৰক্ষীৰ

প্ৰায় 20/25 খন গাঁৱৰ বহিঃজগতৰে যোগাযোগৰ একমাত্ৰ সম্বল বাঁহৰ দলংখনৰ আধা অংশ খহাই নিছে বাঢ়নী পানীয়ে ৷ যিকোনো সময়তে বাঢ়নী পানীয়ে উটুৱাই নিব পাৰে বাঁহৰ দলংখন ৷

Intro:Body:জাঁজী নদীৰ প্ৰথমটো বাঢ়নী পানীয়ে উটুৱাই নিলে দলং/বিছিন্ন হ'ল পোনপটীয়া যোগাযোগ ব্যৱস্থা
TEOK:জাঁজী নদীত অহা বছৰৰ প্ৰথমটো বাঢ়নী পানীয়ে নদীখনৰ ওপৰত এজাৰগুৰিত থকা বাঁহৰ দলংখনৰ প্ৰতি নমাই আনিছে চৰম ভাবুকি।প্ৰায় ২০/২৫খন গাঁৱৰ বহি জগতৰে যোগাযোগৰ একমাত্ৰ সম্বল এই বাঁহৰ দলংখনৰ প্ৰতি ভাবুকি অহাৰ পাছত এতিয়া নদীপৰীয়া ৰাইজে তুলুঙা নাঁওৰে ইপাৰ সিপাৰ হব লগাতো নিশ্চিত হৈ পৰিল ।ইতিমধ্যে দলংখনৰ এটা অংশ বহি গৈছে আৰু যিকোনো সময়ত বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । এনে পৰিস্থিতিত আগন্তুক বাৰিষা কালত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লাগিব ।দীৰ্ঘদিন ধৰি জাঁজী নদীৰ ওপৰত এজাৰগুৰিত এখন স্হায়ী দলং নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল যদিও জনপ্ৰতিনিধিসকলৰ অমনোযোগিতাৰ বাবে আজিও হৈ নুঠিল স্হায়ী এখন দলং ।ৰাজনৈতিক নেতা সকলে নিৰ্বাচনৰ প্ৰাকক্ষণত কেৱল প্ৰতিশ্ৰুতি প্ৰদানতে নিজ নিজ দায়িত্ব শেষ কৰাৰ বাবেই এতিয়া সৰ্বসাধাৰণ ৰাইজে যমৰ যান্ত্ৰনা ভোগ কৰি থাকিব লগা হোৱাটো নিয়মত পৰিণত হৈছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.