ETV Bharat / state

ৰঙালীৰ ৰং নাই যদিও কপৌফুলে দিছে বহাগ অহাৰ বতৰা

কপৌ ফুলৰ প্ৰেমত পৰা এজন ব্যক্তিৰ কথাৰে...

কপৌ ফুল
কপৌ ফুল
author img

By

Published : Apr 10, 2020, 12:46 PM IST

Updated : Jun 28, 2022, 10:54 AM IST

যোৰহাট, 10 এপ্ৰিলঃ কপৌ ফুল বুলিলে চৌপাশ মুখৰিত কৰা সৌন্দৰ্য্যবৰ্দ্ধক ফুলপাহকে বুজায় । নানা ৰঙী কপৌফুলে কেৱল অসমীয়াকে নহয় প্ৰতিজন লোককে আৰ্কষণ কৰে ।

ৰহস্যময় গঠন, সুবাস, কোমলতা আৰু ৰঙৰ বৈচিত্র্যতাই অর্কিডক পুষ্প জগতত এক অনন্য আসন দিছে ।

এই কপৌ ফুলৰ প্ৰেমত পৰা যোৰহাট তিতাবৰ মহকুমাৰ ৰঙাজানৰ মিথু গগৈয়ে নিজ গৃহতে সাজি ওলিয়াইছে এখন কপৌ ফুলৰ বাগিছা ৷

মিথু গগৈৰ বাগিছাখনত থকা প্ৰায় ৭ হাজাৰ জোপা বিভিন্ন অৰ্কিডে সৃষ্টি কৰিছে বহাগৰ অমিয়া পৰিৱেশৰ। ক্ষুদ্ৰ চাহ খেতিৰ লগতে ঘৰতেই সংৰক্ষণ কৰা ২৫০ বিধ কপৌফুল এতিয়া সকলোৰে আৰ্কষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ।

Last Updated : Jun 28, 2022, 10:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.