ETV Bharat / state

Operation against Child marriage: বাল্য বিবাহ বিৰোধী অভিযানত যোৰহাটত আটক ১০ জন - বাল্য বিবাহ বিৰোধী অভিযানত যোৰহাটত আটক ১০ জন

মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ যোৰহাট আৰক্ষী (Operation against Child marriage) । যোৰহাট আৰক্ষীৰ নেতৃত্বত বাল্য বিবাহ বিৰোধী অভিযান l গ্ৰেপ্তাৰ হ’ল ১০ জন স্বামী ৷

Operation against Child marriage in Jorhat
যোৰহাট আৰক্ষীৰ উদ্যোগত বাল্য বিবাহ বিৰোধী অভিযান
author img

By

Published : Feb 3, 2023, 1:47 PM IST

যোৰহাট , 3 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰৰ নিশাৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে অসম আৰক্ষীৰ উদ্যোগত বাল্য বিবাহ বিৰোধী অভিযান (Child Marriage in Assam) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিবলৈ অসম আৰক্ষীক নিৰ্দেশনা প্ৰদানৰ পিচতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো চলিল বাল্য বিবাহ বিৰোধী অভিযান ৷

বৰ্তমানলৈ জিলাখনত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হৈছে ২৫ জনৰ বিৰুদ্ধে । একেদৰে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ১০ জনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । বাল্য বিবাহৰ ঘটনাৰ সৈতে জড়িত থকা অপৰাধত সমগ্ৰ ৰাজ্যতে ৰুজু হৈছে ৪০০৪ টা গোচৰ ৷ ইয়াৰ পিচতে অসম আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশাৰে পৰা বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ কৰিছে মাৰাথান অভিযান (Operation against Child marriage) ।

বাল্য বিবাহৰ দৰে বে-আইনী কাৰ্যত লিপ্ত হোৱাৰ অপৰাধত আৰক্ষীয়ে ৰাজ্য জুৰি চলোৱা অভিযান কালত আটক কৰিছে শ শ লোকক । শিক্ষিত জিলা হিচাপে বিশেষ সুনাম থকা যোৰহাট জিলাতো বাল্য বিবাহত লিপ্ত থকাৰ অপৰাধত ২৫ জনৰ বিৰুদ্ধে গোচৰ ৰজু হোৱাৰ বিপৰীতে আৰক্ষীৰ জিম্মাত আছে ১০ জন (Operation against Child marriage in Jorhat) ।

Operation against Child marriage in Jorhat
বাল্য বিবাহ বিৰোধী অভিযানত যোৰহাটত আটক ১০ জন

ইয়াৰে, যোৰহাট আৰু তিতাবৰৰ ৩ জন, মৰিয়নিৰ ১ জন, টীয়কত ৩ জন বে-আইনী স্বামীক বাল্য বিবাহ বিৰোধী আইনৰ অধীনত আৰক্ষীয়ে আটক কৰে ৷ ঘটনাৰ সৈতে জড়িত অন্য সকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথান অভিযান । আনহাতে বাল্য বিবাহৰ দৰে সমাজ ব্যাধিৰ সৈতে জড়িত থকা স্বামী, কাজি বা আত্মীয় সকলৰ আটাইকে অহা দুই এদিনৰ ভিতৰতে আটক কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ লগত জড়িত সকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশনা প্ৰদান কৰাৰ পিছতেই সমগ্ৰ ৰাজ্য জুৰি অসম আৰক্ষীয়ে ক্ষীপ্ৰতৰ কৰি তোলে অভিযান ।

এতিয়ালৈকে সমগ্ৰ ৰাজ্যতেই শতাধিক স্বামীৰ লগতে উক্ত বাল্য বিবাহ ঘটনাৰ সৈতে জড়িত আত্মীয়, কাজি, পুৰোহিতকে ধৰি প্ৰায় 1800 লোকক আটক কৰিবলৈ সক্ষম হৈছে । মন কৰিবলগীয়া যে, অসমৰ ৩৬ খন জিলাৰ ভিতৰত বাল্য বিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত ৰুজু হৈছে সৰ্বাধিক গোচৰ । একে ধৰণে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা ।

লগতে পঢ়ক : Anti-child marriage operation in Assam: বাল্য বিবাহ বিৰোধী অভিযানত বেআইনী স্বামীকে ধৰি গ্ৰেপ্তাৰ 750 তকৈ অধিক ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.