যোৰহাট, 29 নৱেম্বৰ : ‘‘অ’ বোপাই তোক কোনেও বচাব নোৱাৰিলে ৷ অ’ মোৰ বোপাইটো, আজি তোৰ মৃত্যুৰ ঠাইলৈ আহিছো ৷ তই য’তে আছ’ কুশলে থাক ৷ তাৰ পৰাই আমাক চাই থাক অ’ ৷ এয়া তোৰ বুঢ়ী মাৰৰ আৰ্শীবাদ’’ ৷ এয়া অনিমেশ ভূঞাৰ মাতৃৰ দুখৰ বিননি ৷
এদিন-দুদিন কৰি ছাত্ৰ নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডই আজি পাৰ কৰিলে সম্পূৰ্ণ এটা বছৰ (Animesh Bhuyan murder case completed a year)৷ 2021 চনৰ 29 নৱেম্বৰত এগৰাকী জ্যেষ্ঠ ব্যক্তিক সহায় কৰিবলৈ যোৱাৰ সময়ত ক’লা ল’ৰাৰ নেতৃত্বত অহা একাংশ মানৱৰূপী দানৱে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল ছাত্ৰ নেতা তথা গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক (Animesh Bhuyan murder case) ।
একাংশ মানৱৰূপী দানৱে যোৰহাট নগৰৰ মাজমজিয়াৰ ট্ৰাক ষ্টেণ্ডত এদল লোকে ছাত্ৰ নেতা অনিমেশ ভূঞাক মৰিয়াই মৰিয়াই হত্যা কৰিছিল (Mob lynching in Jorhat) ৷ এই ঘটনাৰ 50 দিনৰ অন্তত আৰক্ষীয়ে দাখিল কৰিছিল চাৰ্জশ্বীট ৷ ছাত্ৰ নেতাগৰাকীৰ হত্যাৰ ঘটনাত জড়িত থকা প্ৰায় 15 জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷
লগতে পঢ়ক : Attack on Shradha murder accused: শ্ৰদ্ধা হত্যাৰ অভিযুক্ত আফটাবৰ আক্ৰমণকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ
কিন্তু আজিও সম্পূৰ্ণ ন্যায়প্ৰাপ্তিৰ পৰাৰ বঞ্চিত হৈ আছে ভুক্তভোগী অনিমেশৰ পৰিয়ালটো ৷ এই অভিযোগ যোৰহাট জিলা ছাত্ৰ সন্থাৰ ৷ উল্লেখ্য যে, 2021 চনৰ 29 নৱেম্বৰত যোৰহাটৰ যি স্থানত অনিমেশক হত্যা কৰা হৈছিল, সেই স্থানতে আজি যোৰহাট জিলা ছাত্ৰ সন্থা উদ্যোগত লগতে মহকুমা ছাত্ৰ সন্থাৰ সহযোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ আয়োজন কৰা হয় (Tribute ceremony of Animesh Bhuyan)৷
এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অনিমেশ ভূঞাৰ বৃদ্ধ পিতৃ-মাতৃ ৷ আজিৰ এই দিনটোত শোকত ভাগি পৰে অনিমেশৰ পিতৃ-মাতৃ ৷ কোনে বুজাব বা কোনে দিব তেওঁলোকক সান্তনা ! আজি যে, তেওঁলোকক বুজোৱা মানুহ কোনো নাই ৷ সকলো যেন আজি বাকৰুদ্ধ ৷
আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই ছাত্ৰ সন্থাৰ সদস্যৰ আহ্বান, ‘‘চৰকাৰে পূৰণ কৰক সকলো প্ৰতিশ্ৰুতি ৷ সম্পূৰ্ণ ন্যায় প্ৰদান কৰক অনিমেশৰ ভুক্তভোগী পৰিয়ালটোক’’ ৷
লগতে পঢ়ক : Bust of student leader Animesh : তৰাজানত নিৰ্মাণ হ’ব প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞাৰ আৱক্ষ মূৰ্তি !