ETV Bharat / state

তিতাবৰত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ - jorhat

এগৰাকী 16 বছৰীয়া কিশোৰীক বহিঃৰাজ্যলৈ চালান দিবলৈ লওঁতেই যোৰহাট আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে নাৰী সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷

one person arrested in jorhat
তিতাবৰত গ্ৰেপ্তাৰ নাৰী সৰবৰাহকাৰী
author img

By

Published : Dec 26, 2020, 5:46 PM IST

যোৰহাট, 26 ডিচেম্বৰ : যোৰহাটত জিলাৰ তিতাবৰত আটক এটা নাৰী সৰবৰাহকাৰী ৷ শনিবাৰে যোৰহাট আৰক্ষীয়ে আটক কৰিলে নাৰী সৰবৰাহকাৰীটোক ৷ আটক কৰা নাৰী সৰবৰাহকাৰীটো মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাৰ চুনিল ৰামু পাতিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এগৰাকী 16 বছৰীয়া কিশোৰীক বহিঃৰাজ্যলৈ প্ৰেৰণৰ সময়তেই যোৰহাট আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে নাৰী সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷

তিতাবৰত গ্ৰেপ্তাৰ নাৰী সৰবৰাহকাৰী

চুনিল ৰামু পাতিল মানৱ দেহৰ অংগৰ ব্যৱসায়তো জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । সৰবাহকাৰীটোক আটকৰ পাছত অপহৃত কিশোৰীগৰাকীৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত গ্ৰাপ্তাৰৰ লগতে যোৰহাট আৰক্ষীয়ে ঘটনাৰ তদন্তৰ দায়িত্ব বৰহোলা আৰক্ষীক হস্তান্তৰ কৰিছে ৷ বৰ্তমান বৰহোলা আৰক্ষীয়ে গোচৰ নম্বৰ 194/20 আৰু IPC 366A /370 ধাৰাৰ অধীনত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও তিতাবৰৰ বৰহোলাৰ পৰা বহু যুৱতী নিৰুদ্দেশ হোৱাৰ উদাহৰণ আছে ।

লগতে পঢ়ক : জম্মু আৰু কাশ্মীৰত পুনৰ বঢ়াই দিয়া হ'ল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.