ETV Bharat / state

মৃত্যুদূতত পৰিণত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ; একে সময়তে সংঘটিত হ’ল দুটাকৈ দুৰ্ঘটনা

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:32 AM IST

মংগলবাৰৰ পুৱতি নিশা টীয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা ৷ দুখনকৈ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ লগতে অচিনাক্ত বাহনে ৰাজপথতে মহতিয়াই থৈ যায় এজন যুৱকক । এজনৰ থিতাতে মৃত্যু ঘটাৰ লগতে আনজন গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে ৷

one dead and one injured in 37 th NH of Teok
ভয়ংকৰ দুৰ্ঘটনা

মৃত্যুদূতত পৰিণত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

টীয়ক, 5 ডিচেম্বৰ: পুৱতি নিশা টীয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দুখনকৈ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ লগতে অচিনাক্ত বাহনে ৰাজপথতে মহতিয়াই থৈ যায় এজন যুৱকক । AS 01DD 4915 আৰু WB 23C 0786 নম্বৰৰ ট্ৰাক দুখনৰ মুখামুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাটো সংঘটিত কৰি এখন ট্ৰাকৰ চালকসহ হেণ্ডিমেন পলাই যায় যদিও আনখন ট্ৰাকৰ চালক বাহনখনত আৱদ্ধ হৈ পৰে ।

ট্ৰাকৰ আহত চালকজন গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পিছতে ততাতৈয়াকৈ চালকজনক স্থানীয় লোকে আৰক্ষীৰ সহায়ত দুৱাৰ আৰু গ্লাচ ভাঙি উদ্ধাৰ কৰে আৰু যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । অন্যহাতে, ঘটনাস্থলীৰ পৰা 200 মিটাৰ দূৰৈত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় আন এজন যুৱকক । স্থানীয় লোকৰ ভাষ্য অনুসৰি অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক ৷ যুৱকজনৰ নাম শংকৰ মাহিলী বুলি জানিব পৰা গৈছে । স্থানীয় লোকে যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে ।

চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কাম চলি থকাৰ বাবেই এনে দুৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি পোৱা বুলি স্থানীয় লোকে কয় ৷ উল্লেখযোগ্য যে, বিগত 9 বছৰে চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কাম চলি আছে টীয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথছোৱাত । বিগত সময়চোৱাত উক্ত পথছোৱাৰ এনে অৱস্থাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । বহু সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈছে ৷ নাগৰিকৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ শীঘ্ৰে পথছোৱা মেৰামতি কৰি দিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক: চাহ বাগিচাৰ মাজত উদ্ধাৰ মৃতদেহ, দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.