ETV Bharat / state

যোৰহাটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাঃ পৰকীয়া প্ৰেমৰ পৰিণতিৰ সন্দেহ ৰাইজৰ

আত্মহত্যাকাৰীৰ চোলাৰ জেপত উদ্ধাৰ হোৱা চুইচাইড নোটে চকু কপালত তুলিছে আৰক্ষী প্ৰশাসনৰ লগতে জিলাখনৰ সচেতন মহলক ৷ সন্তান বিক্ৰীৰ পৰিণতিতে আত্মহননৰ দৰে পথ বাছি লোৱাৰ সন্দেহ এগৰাকী পিতৃয়ে ৷

author img

By

Published : May 16, 2020, 6:28 PM IST

One committed suicide in Jorhat: suicide note found
যোৰহাটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাঃ পৰকীয়া প্ৰেমৰ পৰিণতিৰ সন্দেহ ৰাইজৰ

যোৰহাট, 16 মে': এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ যোৰহাট জিলা ৷ আত্মহত্যাকাৰীৰ চোলাৰ জেপত উদ্ধাৰ হোৱা চুইচাইড নোটে চকু কপালত তুলিছে আৰক্ষী প্ৰশাসনৰ লগতে জিলাখনৰ সচেতন মহলক ৷ সন্তান বিক্ৰীৰ পৰিণতিতে আত্মহননৰ দৰে পথ বাছি লোৱাৰ সন্দেহ এগৰাকী পিতৃয়ে ৷ উল্লেখ্য যে, ছুইছাইড নোটত উদ্ধাৰ হৈছে বহু বিস্ফোৰক তথ্য ৷ য'ত উল্লেখ থকা মতে পৰকীয়া প্ৰেমৰ বাবে সন্তানক বিক্ৰী কৰিছিল মাতৃয়ে ৷ কিছুদিন পূৰ্বে বিপথে পৰিচালিত কৰা হৈছিল আৰক্ষী আৰু সাংবাদিকক ৷ ছুইছাইড নোটত লিখা তথ্য সমুহৰ ওপৰত ভিত্তি কৰি পুত্ৰক বিক্ৰী কৰাৰ দোষ সহিব নোৱাৰিয়েই আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহতে ঋণ পৰিশোধ কৰিব নোৱাৰি নিজৰ ডেৰ বছৰীয়া সন্তানক বিক্ৰী কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছিল যোৰহাটৰ বালিগাঁওৰ গণশতিকা নামৰ অঞ্চলৰ এহাল দম্পতিৰ বিৰুদ্ধে ৷ কিন্তু সাংবাদিকৰ আগত এই অভিযোগ নস্যাৎ কৰিছিল দম্পতী হালে ৷ তাৰ ঠিক দুই মাহৰ পাছতেই ডেৰ বছৰীয়া সন্তানটিৰ পিতৃ প্ৰভাত বৰাৰ আত্মহত্যাই জোকাৰি গৈছে সমগ্ৰ যোৰহাট জিলাক ৷ লগতে অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনাটো ৷ নিজ সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়ত প্ৰতিপাল কৰিব নোৱাৰা বাবেই মাজুলীৰ ফুলনীৰ এহাল দম্পত্তিক নিজ সন্তানক গতাই দিয়া বুলি উল্লেখ কৰিছিল গণশতিকা গাঁৱৰ মৃত প্ৰভাত বৰা আৰু তেঁওৰ পত্নীয়ে ৷ কিন্তু প্ৰভাত বৰাই ছুইচাইড নোটত লিখি থৈ যোৱা মতে, পত্নী আৰু এজন পুৰুষে তেওঁৰ ডিঙিত দা থৈ নিজ সন্তানক 5 লাখ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ বাবে কাগজ পত্ৰত চহী কৰিবলৈ বাধ্য কৰায় ৷ আৰু তাৰ পাছতেই টকা সৈতে পলায়ন কৰে পত্নীয়ে ৷ এই সন্দৰ্ভত মৃত প্ৰভাত বৰাৰ ভাতৃয়ে ইতিমধ্যে যোৰহাট আৰক্ষীক অৱগত কৰি এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷ কিন্তু মৃত প্ৰভাত বৰাৰ ভাতৃয়ে অভিযোগ কৰা অনুসৰি মৃত প্ৰভাত বৰাৰ পত্নীয়ো মোলৌআলিৰ মাধৱ বৰা নামৰ এগৰাকী গাড়ীচালকৰ লগত লগ হৈ বিক্ৰী কৰিছে নিজ সন্তানক ৷

লগতে পঢ়কঃ কেৰালাত আৱদ্ধ অসমৰ যুৱকৰ দলৰ অসম চৰকাৰলৈ কাতৰ অনুৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.