ETV Bharat / state

নন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণৰ সংবাদমেল সম্বোধন

উজনি অসমৰ নন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সোমবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ বিভিন্ন সমস্যা সমাধানৰ দাবীত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সম্বোধন কৰে এই সংবাদমেল ৷

non tet teachers pressmeet in jorhat assam etv bharat news
নন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণৰ সংবাদমেল
author img

By

Published : Oct 12, 2020, 10:38 PM IST

যোৰহাট,12 অক্টোবৰ: উজনি অসমৰ নন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সোমবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ পূৰ্বে প্ৰকাশিত মাধ্যমিক টেটৰ বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ আছিল যে, সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলে টেটৰ দুয়োখন কাকতত 60% নম্বৰ পালেহে যোগ্য বুলি বিবেচিত হ'ব আৰু OBC, ST, SC প্ৰাৰ্থীসকলে দুয়োখন পেপাৰত 55% নম্বৰ লাভ কৰিলেহে যোগ্য হিচাপে বিবেচিত হ’ব ৷ তাৰপাছতো কিন্তু যি সকল প্ৰাৰ্থীয়ে উত্তীৰ্ণ হোৱা নাছিল সেই সকলক কিয় উপহাৰ নম্বৰ দি পাছ কৰোৱা হ’ল বুলি বিভাগীয় কৰ্তৃপক্ষলৈ পোনপটীয়া প্ৰশ্ন কৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ৷

নন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণৰ সংবাদমেল

2020 বৰ্ষৰ মাধ্যমিক টেটত যি সকল প্ৰাৰ্থীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত পাছ কৰিছে তেওঁলোকক যদি নিযুক্তিত অগ্ৰাধিকাৰ দিয়া নহয় তেন্তে এই নিযুক্তি প্ৰক্ৰিয়া কেতিয়াও নিকা নহ’ব বুলি দাবী কৰে প্ৰাৰ্থীসকলে ৷ 2012-13 বৰ্ষত হৈ যোৱা মাধ্যমিক টেটৰ এমাহৰ ভিতৰতে মেধাৰ তালিকা প্ৰস্তুত কৰি নিযুক্তিৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু 2020 বৰ্ষৰ মাধ্যমিক স্কুলৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে ৷ শিক্ষামন্ত্ৰীয়ে 7,440 টা পদ ঘোষণা কৰাৰ পাছত বিজ্ঞাপন প্ৰকাশৰ সময়ত পদৰ সংখ্যা 5,746 টালৈ হ্ৰাস কৰা হয় ৷ 2020 বৰ্ষৰ মাধ্যমিক টেট শিক্ষাৰ বিজ্ঞাপন সংৰক্ষিত পদ বিতৰণৰ দিশটো যথেষ্ট বিসংগতি আছে ৷ বিশেষকৈ উজনি অসমৰ জিলা কেইখনত অ’বিচি শ্ৰেণীৰ সংৰক্ষিত পদৰ সংখ্যা নিচেই কম ৷ এই সকলোবোৰ বিষয়ত গুৰুত্ব আৰোপ কৰি মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক নিযুক্তিত অগ্ৰাধিকাৰ দিবলৈ সমূহ নন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে দাবী জনায় ৷

লগতে চাওকঃ আজিৰে পৰা চলাচল নিউ দিল্লী-ডিব্ৰুগড় সংযোগী বিশেষ ৰাজধানী ট্ৰেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.