যোৰহাট, 27 ছেপ্তেম্বৰঃ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অস্বাভাৱিক ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ যাৰ ফলত তৎকালীনভাৱে বন্ধ কৰি দিয়া হৈছে যোৰহাটৰ নিমাতীঘাটৰ ফেৰী সেৱা ৷ জল সম্পদ পৰিৱহন বিভাগৰ তথ্য অনুসৰি আবেলি পৰ্যন্ত নিমাতীঘাটতো জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে নিমাতীঘাটৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ কৰি দিয়া হৈছে ৷
লগতে পঢ়ক-জালুকবাৰী আৰক্ষীৰ জালত দুটা বহিঃৰাজ্যৰ এ টি এম হেকাৰ