যোৰহাট,10 জানুৱাৰীঃ যোৰহাটত পুনৰ উদ্ধাৰ নৱজাতকৰ মৃতদেহ ৷ বিগত এমাহত তিনিটাকৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চহৰখনত ৷ গড়মূৰ পৌৰসভাৰ জাৱৰ নিষ্কাশনস্থলীত শুকুৰবাৰে পুৱাৰ ভাগতে কোনো লোকে জাৱৰৰ মাজত পেলাই থৈ যায় এটি নৱজাতক ৷ চিকিৎসালয়ৰ চিহ্ন লাগি থকা নৱজাতকৰ মৃতদেহটো পৌৰসভাৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত গড়মূৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ যিহেতু শিশুটোৰ ভৰিত চিকিৎসালয়ৰ পৰিচয় চিহ্ন লাগি আছে গতিকে সেইক্ষেত্ৰত চিকৎসালয়ৰ ওপৰতো তদন্ত হোৱাতো নিশ্চিত ৷
যোৰহাটত পুনৰ উদ্ধাৰ নৱজাতকৰ মৃতদেহ - নৱজাতকৰ মৃতদেহ
গড়মূৰ পৌৰসভাৰ জাৱৰ নিষ্কাশনস্থলীত শুকুৰবাৰে পুৱাৰ ভাগতে কোনো লোকে জাৱৰৰ মাজত পেলাই থৈ যায় এটি নৱজাতক ৷ চিকিৎসালয়ৰ চিহ্ন লাগি থকা নৱজাতকৰ মৃতদেহটো পৌৰসভাৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷
যোৰহাট,10 জানুৱাৰীঃ যোৰহাটত পুনৰ উদ্ধাৰ নৱজাতকৰ মৃতদেহ ৷ বিগত এমাহত তিনিটাকৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চহৰখনত ৷ গড়মূৰ পৌৰসভাৰ জাৱৰ নিষ্কাশনস্থলীত শুকুৰবাৰে পুৱাৰ ভাগতে কোনো লোকে জাৱৰৰ মাজত পেলাই থৈ যায় এটি নৱজাতক ৷ চিকিৎসালয়ৰ চিহ্ন লাগি থকা নৱজাতকৰ মৃতদেহটো পৌৰসভাৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত গড়মূৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ যিহেতু শিশুটোৰ ভৰিত চিকিৎসালয়ৰ পৰিচয় চিহ্ন লাগি আছে গতিকে সেইক্ষেত্ৰত চিকৎসালয়ৰ ওপৰতো তদন্ত হোৱাতো নিশ্চিত ৷
গড়মূৰ শ্মশানত পৌৰসভাৰ জাৱৰ নিক্ষাশন স্হলীত এমাহ পুৰ্বেও উদ্ধাৰ হৈছিল নৱজাতকৰ মৃতদেহ।।
Body:মানৱতাৰ গুণ ক্ৰমান্বত যেন হেৰুৱাই পেলাইছে মানুহে।নিজৰ কু-কৰ্মৰ নিলাজ ছৱী খন সমাজৰ পৰা লুকাৱলৈ মানুহ নামৰ দানৱ জাতীয়ে কি কৰিব নোৱাৰে।বিগত এমাহত তিনিটা নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞল্যৰ সৃষ্টি কৰিছে চহৰখনত।
পুনৰ নৱজাতকৰ মৃতদেহ উদ্বাৰ হোৱা ঘটনা সংঘটিত হৈছে যোৰহাটত।গড়মূৰ শ্মশানৰ পৌৰসভাৰ জাৱৰ নিক্ষাশন স্হলীত আজি পুৱাৰ ভাগত কোনো পাষান লোকে জাৱৰ দমৰ মাজত পেলাই থৈ যায় এটি নৱজাতক।চিকিৎসালয়ৰ ট্ৰেগ লগি থকা নৱজাগতৰ মৃতদেহটো পৌৰসভাৰ জাৱৰ নিক্ষাশন কৰ্মীয়ে দেখা পোৱাৰ পাছত ঘটনা পোহৰলৈ আহে।প্ৰত্যক্ষদৰ্শী মতে হয়তো পুৱাৰ ভাগত কোনো লোকে এনেদৰে জাৱৰ মাজত পেলাই থৈ যায় শিশুটোক।
এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞল্যৰ সৃষ্টি কৰিছে।ইতিমধ্যে গড়মূৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।যিহেতু শিশুৰ ভৰিত চিকিংসালয়ৰ পৰিচয় ট্ৰেগ লাগি আছে।তদন্ত হয়তু নিশ্চিত হব কোন চিকিৎসালয়ৰ।
Conclusion:গড়মূৰ শ্মশানত পুৰ্ৱেও এনেদৰে শিশুৰ মৃতদেহ উদ্ধাৰ ঘটনা সংঘটিত হৈছে।মুকলিকৈ শিশুৰ মৃতদেহ টো পেলাই যোৱাটো কি ইংগিত বহন কৰিছে সেইয়া সহজে অনুময়ে।