ETV Bharat / state

অস্বাভাৱিক ক'ভিড পৰিস্থিতিৰ বাবে কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন - new of updates of jorhat district

স্বাভাৱিক হোৱা নাই যোৰহাট জিলা ক'ভিড পৰিস্থিতি ৷ ক'ভিড প্ৰট'কল পালন কৰিবলৈ ৰাইজক কঠোৰভাৱে আহ্বান জনাইছে যোৰহাট জিলা প্ৰশাসনে ৷

অস্বাভাৱিক ক'ভিড পৰিস্থিতিৰ বাবে কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন

author img

By

Published : Jul 12, 2021, 9:41 PM IST

টীয়ক, 12 জুলাই : যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশ মৰ্মে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈনে টীয়ক ৰাজহ চক্ৰ অন্তৰ্গত চিন্তামণিগড় ঘোৰাচৰা পথাৰৰ অঞ্চল ড্ৰোণৰ সহায়ত পৰিদৰ্শন কৰে ৷ ক'ভিড প্ৰট'কল ৰাইজে পালন কৰিছে নে নাই তাক পৰিদৰ্শন কৰে দুই প্ৰশাসনিক বিষয়াই ৷ বিষয়াদ্বয়ক সংগ দিয়ে টীয়ক ৰাজহ চক্ৰ বিষয়া সৌভিক ভূঞাই ৷

পৰিদৰ্শন কৰাৰ পাচতে ৰাইজক ক'ভিডৰ নীতি-নিয়ম মানি চলিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়ে যোৰহাট জিলা উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰ লগতে যোৰহাট আৰু শিৱসাগৰ জিলাৰ সমীন্তৱৰ্তী অঞ্চলসমূহ বাঁহৰ বেৰাৰে বন্ধ কৰিবলৈ স্থানীয় আৰক্ষীক নিৰ্দেশ দিয়ে ৷ চিন্তামণিগড় অঞ্চলত ভয়াৱহভাৱে বৃদ্ধি পাইছিল ক'ভিড আক্ৰান্তৰ সংখ্যা ৷

অস্বাভাৱিক ক'ভিড পৰিস্থিতিৰ বাবে কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন

ভগামুখ, চিন্তামণিগড়, জেলেঙীটোপ আদি ঠাইসমূহ বৰ্তমান ক'ভিডৰ ৰেড জ'ন হিচাপে চিনাক্ত কৰা হৈছে ৷ সেয়েহে এই ঠাইসমূহত ক'ভিডক ৰোধ কৰাৰ উদ্দেশ্য ড্ৰোণৰ সহায়ত পৰিদৰ্শন কৰা হয় বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে ৷ তদুপৰি ক'ভিড সংক্ৰমণ বৃদ্ধিৰ সময়চোৱাত অবৈধ সুৰা তথা চুলাই মদৰ আড্ডাসমূহৰ পৰা যাতে অধিক সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অবৈধ সুৰাৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷

সোমবাৰৰ পৰা দুদিনীয়াকৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে যোৰহাট জিলাত ৷ যাৰ বাবে জিলাখনৰ গ্রামাঞ্চলসমূহত আৰক্ষী, চি আৰ পি এফ, এন ডি আৰ এফ বাহিনী তথা স্থানীয় প্ৰশাসনৰ সহযোগত তহল দি সকলোকে ক'ভিড বিধি অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ যোৰহাট-শিৱসাগৰ সীমাৱৰ্তী অঞ্চল জাঁজীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত যান-বাহন তালাচী অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে, এক সপ্তাহৰ বাবে যোৰহাট জিলাক ৰেড জ'ন ঘোষণা কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক: একেসময়তে এগৰাকী মহিলাই পালে দুপালি Covid Vaccine

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.