ETV Bharat / state

যোৰহাটত কিহৰ ইংগিত! ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাব নেকি হিমন্ত! - Himanta Biswa Sharma

৪.৫০ কোটি টকা ব্যয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংযোজন কেথ লেব

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক " কেথ লেব" উন্মোচন
author img

By

Published : Mar 8, 2019, 9:46 PM IST

যোৰহাট, ৮ মাৰ্চঃ নতুনকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংযোজন কৰা হ'ল অত্যাধুনিক কেথ লেব । অত্যাধুনিক কেথ লেবটোৰ উন্মোচন কৰে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় ৪.৫০ কোটি টকাৰে নতুনকৈ সংযোজন ঘটা কেথ লেব টোৰ জৰিয়তে আজিৰ পৰা যোৰহাট জিলাৰ লগতে উজনি অসমৰ বহু কেইখন জিলাৰ হৃদৰোগীয়ে গ্ৰহণ কৰিব পাৰিব চিকিৎসা ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উন্মোচন অত্যাধুনিক " কেথ লেব"

উল্লেখযোগ্য যে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কেথ লেব সংযোজন ৰাজ্যখনৰ চিকিৎসাৰ ক্ষেত্ৰত যুগান্তকাৰী সংযোজন বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

আনহাতে দৰিদ্ৰ জনসাধাৰণে অটল অমৃট যোজনাৰ জৰিয়তে কম খৰচত হৃদ ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ বিশেষজ্ঞ হিচাপে থাকিব চিকিৎসক ডাঃ আলোক জ্যোতি মালাকাৰ ।

আনহাতে অতিশীঘ্ৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়তপেচমেকাৰ সংস্থাপন কৰাৰো কাম আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, স্বাস্থ্য বিভাগৰ সচিব সমীৰ সিন্হা ধৰি বহু গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে ।

আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্বাস্থ্য মন্ত্ৰী হিচাপে শেষবাৰ আহিলো বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । হয়তো ভৱিষ্যৎতে ৰাজনীতি পথাৰত হিমন্ত বিশ্বৰ লক্ষ্য উচ্চ সেয়া সময়তে গম পোৱা যাব ।

অত্যাধুনিক কেথলেব উন্মোচন।।নতুন সংযোজন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নতুন সংযোজন।অত্যাধুনিক কেথলেৱ উন্মোচন কৰে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।প্ৰায় ৪.৫০ কোটি টকাৰে নতুনকৈ সংযোজন ঘটা কেথলেৱ জড়িয়তে আজিৰ পৰা যোৰহাট জিলাৰ লগতে উজনি অসমৰ বহু কেইখন জিলাৰ হৃদৰোগীয়ে চৰকাৰে চিকিৎসা গ্ৰহণ কৰিব পাৰিব।উল্লেখযোগ্য যে গুৱাহাটী আৰু ডিব্ৰুগড় ৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয় কেথলেৱ সংযোজনে ৰাজ্যখনৰ চিকিৎসাৰ ক্ষেত্ৰত যুগান্তকাৰী সংযোজন বুলিলে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।আনহাতে দৰিদ্ৰ জনসাধাৰণে অটল অমৃট যোজনাৰ জড়িয়তে কম খৰচত হৃদ ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিব।লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হৃদৰোগ বিশেষজ্ঞ চিকিৎসাক ডাঃ আলোক জ্যোতি মালাকাৰে এই হৃদৰোগ দিশ চোৱা চিতা কৰিব।পেজমেকাৰ সন্হাপন কৰিব পাৰিব এতিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা গাম্ভীয্য পূৰ্ণ অনুষ্ঠানত যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী,লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,স্বাস্থ্য বিভাগৰ সচিব সমীৰ সিন্হা ধৰি বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে।

ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক হোৱা কথোপকথন এইবাৰেই হয়তো যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্বাস্থ্য মন্ত্ৰী হিচাপে শেষবাৰ আহিলো।হয়তো অদুৰ দিনত ৰাজনীতি পথাৰত হিমন্ত বিশ্বৰ লক্ষ্য উচ্চ সেয়া ওলাই পৰিল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.