যোৰহাট, ২৯ জুন: বিজ্ঞানসন্মত কোনো পদ্ধতি প্ৰয়োগ নকৰাকৈ আকাশত সাজিছে ঘৰ । মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত বিলুপ্তি প্ৰায় টোকোৰা চৰাইৰ বাঁহেৰে সুশোভিত এটা বাসগৃহ । জাক জাক টোকোৰা চৰাই চাবলৈ ঘৰটোলৈ আগমণ ঘটিছে বহু লোকৰ । সততে অসমৰ গ্ৰামাঞ্চলসমূহত পূৰ্বতে দেখিবলৈ পোৱা গৈছিল টোকোৰা চৰাই ।গঞা ৰাইজৰ ঘৰৰ বাৰীৰ এক চিনাকী ছবি টোকোৰা চৰাইৰ বাঁহ । কিন্ত সম্প্ৰতি ক্ৰমাৎ বিলুপ্ত হ’ব ধৰিছে এই টোকোৰা চৰাই ।
টোকোৰা চৰাইবোৰ নোহোৱা হোৱাৰ লগে লগে গাওঁসমূহত সততে দেখিবলৈ পোৱা টোকোৰা চৰাইৰ বাঁহসমূহ ক্ৰমাৎ হেৰাই যাব ধৰিছে । হেৰাই যোৱা পূৰ্বৰ ছবি এখন পুনৰ এজন প্ৰকৃতিপ্ৰেমী লোকৰ প্ৰচেষ্টাত ঘুৰি অহা দেখিবলৈ পোৱা গৈছে । দৃষ্টিনন্দন এই বাঁহসমূহ খেৰ-কূটা সংগ্ৰহ কৰি টোকোৰা চৰাইসমূহে আলফুলকৈ নিৰ্মাণ কৰে ৷ বাঁহ নিৰ্মাণ সম্পূৰ্ণ হ'লে চৰাইসমূহে কণী পাৰি বংশ বৃদ্ধি কৰে ।
মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ বনগাঁৱৰ মাৰু মুড়া নামৰ লোকজনৰ গৃহৰ তামোল গছ কেইজোপাত বহু বছৰৰ পৰাই টোকোৰা চৰাই সমূহে সাজি আহিছে বাঁহ। বাঁহ সাজি থকা চৰাইসমূহ যাতে কোনো কাৰণতে দুষ্ট প্ৰকৃতিৰ লোকে নিধন কৰিব নোৱাৰে তাৰবাবে যেন অতন্দ্ৰ প্ৰহৰী হৈ আহিছে এই মাৰু মুড়াই । মাৰু মুড়াৰ ঘৰতো এতিয়া টোকোৰা চৰাইৰ বাবে হৈ পৰিছে এক নিৰাপদ আশ্ৰয়স্থল । মাৰু মুড়াৰ ঘৰৰ চৌহদত বিগত কেইবা বছৰ ধৰি দেখিবলৈ পোৱা যায় শতাধিক টোকোৰা চৰাইৰ বাঁহ ।
ইপিনে ক্ৰমাৎ হেৰাই যাব ধৰা টোকোৰা চৰাইসমূহ প্ৰত্যক্ষ কৰিবলৈ সম্প্ৰতি বহু লোক আহে মাৰু মুড়াৰ গৃহলৈ । পক্ষী প্ৰেমৰ বিৰল নিদৰ্শন দাঙি ধৰা মাৰু মুড়া হৈছে প্ৰকৃতিপ্ৰেমী বহুজনৰ বাবে প্ৰেৰণাৰ অমল উৎস । টোকোৰা চৰাইয়ে নিজৰ বাঁহ সজাৰ কাম নিজে কৰে বাবে এই চৰাইটোক বহু লোকে ইঞ্জিনীয়াৰ চৰাই বুলিও কয় । আমাৰ গ্ৰাম্য সমাজৰ পৰা হেৰাই যোৱা দৃষ্টি নন্দন টোকোৰা চৰাইৰ বাঁহবোৰ আমি সংৰক্ষণ কৰা কৰা উচিত । নহ'লে এইবোৰ এদিন আমাৰ সমাজৰ পৰা হেৰাই যাব ।
লগতে পঢ়ক:Bihu to UNESCO Heritage : ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যত বিহুক অন্তুৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা