ETV Bharat / state

যোৰহাটৰ ন-পমুৱা গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা

ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বাঢ়িছে । প্ৰশাসনে এটাৰ পিছত আনটো অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰিবলগীয়া হৈছে । বিয়াৰ দৰে অনুষ্ঠান কৰ'ণাৰ ছুপাৰ স্প্ৰেডাৰলৈ পৰিণত হৈছে । কিন্তু ভুল কাৰ ? শেহতীয়াকৈ উত্তৰ পশ্চিম যোৰহাটৰ ন-পমুৱা গাঁৱকো কন্টেইনমেন্ট জ'ন ঘোষণা কৰিলে জিলা প্ৰশাসনে । গাঁওখনৰ ৩১টা পৰিয়ালৰ ৪১ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

NAPAMUA VILLAGE DECLARED AS CONTAINMENT ZONE
ন পমুৱা গাঁৱৰ ৩১টা পৰিয়ালৰ ৪১ গৰাকী লোক কৰ'ণা আক্ৰান্ত
author img

By

Published : May 14, 2021, 4:57 PM IST

যোৰহাট, ১৪ মে': প্ৰশাসনৰ কঠোৰ পদক্ষেপ, সজাগতা অভিযানে সঁচা অৰ্থত ৰাইজক সজাগ কৰিব পাৰিছেনে ? মহামাৰীয়ে সৃষ্টি কৰা সংকট কালত নিজৰ জীৱনৰ সুৰক্ষাক লৈ এবাৰ হ'লেও চিন্তা কৰে নে সমাজৰ একাংশ লোকে ? এনেবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে সেইসকল লোকক লৈ, যিসকলে বাৰে বাৰে ক'ভিড বিধি উলংঘা কৰি নিজৰ লগতে আনৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে ।

এনে অসচেতন লোকৰ বাবে সংক্ৰমণ বৃদ্ধিৰ সম্ভাৱনা থাকে । সেয়ে, সান্ধ্য আইনৰ সময়সূচী বৃদ্ধি কৰাকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । সমান্তৰালকৈ গণ সংক্ৰমণ ৰোধৰ বাবে অধিক কৰ'ণা আক্ৰান্ত থকা স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে । পশ্চিম যোৰহাটৰ ডেকা গাঁৱৰ পাছত এতিয়া যোৰহাটৰ বালিগাঁও ন-পমুৱা গাঁৱতো মহামাৰীৰ ভয়াৱহ সংক্ৰমণ আৰম্ভ হৈছে ।

ন-পমুৱা গাঁৱত ৩১টা পৰিয়ালৰ ৪১ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । ইয়াৰ পিছতে গাঁওখনক কন্টেইনমেন্ট জ'ন ঘোষণা কৰে জিলা প্ৰশাসনে । আনহাতে, বৃহস্পতিবাৰে স্বাস্থ্য বিভাগৰ এটা দলে আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । গাঁওখনৰ গাওঁবুঢ়া, গাঁওৰক্ষী বাহিনী আৰু আশা কৰ্মী সকলোৱে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে গণ সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

বিবাহ অনুষ্ঠানৰ পৰাই গাঁওখনত গণ সংক্ৰমণ হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । উল্লেখ্য যে, যোৰহাট জিলাত বৰ্তমান ১,১৯৫ গৰাকী ক'ভিড ৰোগী আছে আৰু এতিয়ালৈকে জিলাখনত ৯৭ গৰাকী লোকৰ মৃত্যু ঘটিছে ।

লগতে পঢ়ক:ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড সন্দৰ্ভত পৰ্যালোচনা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.