ETV Bharat / state

Naga aggression at Mariani: অসমৰ ভূমিত নগাৰ অবিৰত সন্ত্ৰাস, এইবাৰ বন ধ্বংসযজ্ঞ সীমান্তত - Naga terror

মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত অসমৰ ভূমিত পুনৰ বন ধ্বংস যজ্ঞত নামিল নগা (Terror of Naga miscreants) । কিন্তু এইক্ষেত্ৰত নিৰ্বাক অসমৰ প্ৰশাসন ৷

Naga aggression at Mariani
মৰিয়নীৰ মগ্ৰৈ সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্ত
author img

By

Published : May 4, 2023, 10:27 PM IST

মৰিয়নীৰ মগ্ৰৈ সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্ত

যোৰহাট, 4 মে’ : অসম-নাগালেণ্ড সীমান্তত প্ৰায় প্ৰতিদিনেই বিৰাজ কৰে এক উত্তেজনাময় পৰিৱেশে ৷ সীমাৰ ঠেলা-হেঁচাত জীয়াতু ভুগিছে সীমান্তৱৰ্তী ৰাইজে ৷ মৰিয়নীৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত নগাই চলাই গৈছে ধ্বংস যজ্ঞ আৰু নীৰৱ দৰ্শক হৈ চাই ৰৈছে অসম প্ৰশাসনে (Naga terror on The Land of Assam) ৷

বৰ্তমান মৰিয়নীৰ মগ্ৰৈত নগা দুৰ্বৃত্তই ধাৰাবাহিক ভাৱে সন্ত্ৰাস অব্যাহত ৰাখিছে৷ দিনৰ পোহৰতেই মুকলিভাৱে অসমৰ ৰাজহ ভূমিত প্ৰৱেশ কৰি নগা দুৰ্বৃত্তই ধ্বংস কৰি গৈছে এজোপাৰ পিচত আন এজোপাকৈ গছ । এই মুহূৰ্ততো ঘটনাস্থলীলৈ যাবলৈ সাহস কৰিব পৰা নাই অসমৰ প্ৰশাসনৰ দলে (Assam Nagaland border issue) ৷

মৰিয়নীৰ মগ্ৰৈ সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগানত প্ৰৱেশ কৰি গাঁৱৰ ভূমি এৰি দিব বাবে ভাবুকি প্ৰদান কৰা ঘটনাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাচতহে বাধ্য হৈ গা লৰিল অসম প্ৰশাসনৰ । নগা দুৰ্বৃত্তই ভাবুকি প্ৰদান কৰা আৰু নগাই মৰিয়নীৰ মগ্ৰৈ ৰাজহ গাঁৱৰ ভূমি নিজৰ বুলি দাবী কৰা স্থানত উপস্থিত হোৱাৰ পৰিৱৰ্তে সীমা নিৰীক্ষণৰ স্থানত উপস্থিত হয় মৰিয়নী আৰক্ষী বিষয়া, মহকুমা আৰক্ষী বিষয়া আৰু দণ্ডাধীশ (Naga aggression at Mariani) ।

উক্ত উচ্চ প্ৰদস্থ বিষয়া সকলে নিজ তথা অসমৰ সীমা নিৰীক্ষণৰ স্থানত চাহ তামোল খায় উভতি আহিল নিজ গন্তব্য স্থানলৈ ৷ আজি পৰ্যন্ত সীমা নিৰীক্ষণ স্থানৰ নাতি দূৰৈত নগা দুৰ্বৃত্তই অসমৰ ৰাজহ ভূমিত প্ৰৱেশ কৰি ক্ৰৰ্মবধমান হাৰত বন ধ্বংস যজ্ঞ কৰি গৈ আছে ৷ তাৰ পিচতো গা নলৰা অসম প্ৰশাসনৰ ভূমিকাক লৈ ক্ষোভিত স্থানীয় তথা সীমান্তবাসী ৰাইজ ৷

উল্লেখ্য যে, বিগত সময় পৰাৰ নগাই অসমৰ প্ৰায় সংখ্যক ভূমি এফাল পৰাৰ গ্ৰাস কৰি যোৱা পিচতো অসম প্ৰশাসন নীৰৱে হাত সাবটি বহি থকাৰ ফলত দুগুণ উৎসাহে নগাই অসম সীমান্তত চলাইছে অঘোষিত সন্ত্ৰাস ৷ নগাৰ সন্ত্ৰাসৰ বাবে এতিয়া সীমান্তবাসী অসমীয়াই উজাগৰী নিশা কটাব লগীয়া হয় । দৈনিক বাতৰি সম্প্ৰচাৰ হৈ থকাৰ পিচতো হাত সাৱটি বহি আছে দল সংগঠনৰ লগতে স্থানীয় বিধায়ক ৷

লগতে পঢ়ক : Naga aggression at Mariani : অসমৰ মাটিত নগাক নিদিলে প্ৰাণে মৰাৰ ভাবুকি অসমীয়াক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.