যোৰহাট, 8 আগষ্ট : অসম-নাগালেণ্ড সীমান্তত অসমীয়া লোকৰ ওপৰত একাংশ নগা দুবৃৰ্ত্তৰ তাণ্ডৱৰ পিচত এইবাৰ নাগালেণ্ডত নগা লোকৰ আতিশয্যৰ বলি হ’ল অসমৰ গাড়ী চালক ৷ গাড়ী চালকৰ পৰা দাবী ধমকিৰে ধন সংগ্ৰহ কৰে নগা লোকে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ভুক্তভোগী গাড়ীৰ চালকজনে মৰিয়নীৰ জংচনৰ পৰা কাষৰীয়া নাগালেণ্ডৰ মোককচাঙলৈ কেইজনগৰাকীমান সেনা জোৱানক থবলৈ বুলি গৈছিল ৷ তেওঁলোক নাগালেণ্ড সোমোৱাৰ পিচতে মোককচাং চহৰত নগা টেক্সি উন্নয়ণৰ এটা দলে তেওঁলোকক আগুৰি ধৰে ৷ দলটোৱে চালকজনৰ পৰা গাড়ীখনৰ কাগজ পাতি চাবলৈ বিচৰাত চালকজনে দেখুৱাই দিয়ে ৷
তাৰ পিচতে দলটোৱে সেনা জোৱানকেইজনক অসমৰ বাহনখনৰ পৰা নামি টেক্সিত আৰ্মি কেম্পলৈ যাবলৈ দিয়ে ৷ সেনা জোৱানকেইজনে তেওঁলোকৰ কথা মানি টেক্সিত যাম বুলি কৈ অসমৰ চালকজনক এৰি দিবলৈ দিয়ে ৷ দলটোৱে সেনা জোৱানৰ কথা নুশুনি অসমৰ চালকজনক বলপূৰ্বকভাৱে আৱদ্ধ কৰি বে-আইনী ভাৱে নাগালেণ্ডত গাড়ী চলোৱাৰ অভিযোগ কৰি এখন চিল মোহৰ নথকা কাগজ দি ৩০০০ টকাৰ পৰা ৫০০০ টকাৰ জৰিমনা বিহে ৷ লগতে চালকজনক প্ৰহাৰো দলে দলটোৱে ৷
ইয়াতে ক্ষান্ত নাথাকি নগা দলটোৱে অসম গাড়ী চালকজনক পুনৰ মোককচাঙলৈ নাহিবলৈ ধমকি দি, আগলৈ এনেকৈ আহিলে প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে ৷
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অসমৰ পৰা নাগালেণ্ডৰ বিভিন্ন স্থানলৈ বিভিন্ন কামত যোৱা গাড়ীচালক তথা গৰাকীয়ে এই ধৰণৰ সমস্যাত প্ৰায়ে ভুগি আহিছে। সেয়েহে নাগালেণ্ড তথা অসমৰ প্ৰশাসনক নাগালেণ্ড এনে পৰিস্থিতিৰ সন্মুখীন হোৱা অসমৰ গাড়ী চালকসকলক জীৱনৰ নিৰাপত্তা তথা সুৰক্ষাৰ ব্যৱস্থাৰ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক: Assam Rifles Seized Heroin in Jiribam : জিৰিবামত ৮০ লাখ টকাৰ হেৰ’ইন জব্দ অসম ৰাইফলছৰ