ETV Bharat / state

নাবাৰ্ড আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যালোচনা সভা

author img

By

Published : Feb 3, 2021, 7:27 PM IST

নাবাৰ্ডৰ চেয়াৰমেনৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা । কৃষিক্ষেত্ৰৰ উন্নয়নৰ দিশত নাবাৰ্ডৰ সহযোগ কামনা অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ।

নাবাৰ্ড আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যালোচনা সভা
নাবাৰ্ড আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যালোচনা সভা

যোৰহাট, ৩ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক( নাবাৰ্ড) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত মংগলবাৰে এক উচ্চস্তৰীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা চৌহদত অনুষ্ঠিত এই উচ্চস্তৰীয় সভাত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)ৰ অধ্যক্ষ ড° জি আৰ ছিন্টালা উপস্থিত থাকে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই সভাত বক্তব্য ৰাখি নাবাৰ্ডৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰসমূহত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ বিষয়ে সবিশেষ ব্যাখ্যা দাঙি ধৰে । অসম কৃষি বিশ্ববিদ্যালয়ে ৰূপায়ন কৰিবলৈ লোৱা 'আমাৰ গাঁও - আমাৰ গৌৰৱ' শীৰ্ষক অভিলাসী কাৰ্যসূচী সন্দৰ্ভতো অৱগত কৰি কৃষিক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত নাবাৰ্ডৰ সহযোগিতা কামনা কৰে । বৰ্তমানৰ জটিল সময়ৰ প্ৰেক্ষাপটে কৃষকক অধিক কৃষি উৎপাদনৰ বাবে আগুৱাই নিছে বুলি উল্লেখ কৰি কৃষকক তেওলোকৰ মানসিকতা সলনি কৰি দুতৰপীয়া বা তিনিতৰপীয়া কৃষি উৎপাদন কৰিব পৰাকৈ সক্ষম কৰাৰ দিশত পদক্ষেপ ল'বলৈ বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমুহক আহ্বান জনাই নাবাৰ্ডৰ অধ্যক্ষগৰাকীয়ে ।

কেৱল উৎপাদনেই প্ৰাথমিকতা নহয় বুলি উল্লেখ কৰি কয় যে উপভোক্তা আৰু বজাৰ কেন্দ্ৰীকতাৰ সৈতে কৃষকৰ সংযোগ ঘটোৱাৰ দিশত কেন্দ্ৰীভূত চিন্তা কৰিব লাগিব । প্ৰানৱন্ত কৃষক আৰু আত্মনিৰ্ভৰ কৃষক সৃষ্টিত মনোনিবেশ কৰিব লাগিব । সভাত বক্তব্য ৰাখি নাবাৰ্ডৰ সহকাৰী পৰিচালন সঞ্চালক সূৰ্য্য কুমাৰে নাবাৰ্ডৰ বিষয়ে আলোকপাত কৰি ক্ষুদ্ৰ গৃহ প্ৰকল্পৰ জৰিয়তে এই দিশত অসম কৃষি বিশ্ববিদ্যালয়ক সহযোগ আগবঢ়াব বুলি প্ৰকাশ কৰে । এই আলোচনাত অসম কৃষি বিশ্ববিদ্যালয়ৰ নীতিহাবৰ মুখ্য কাৰ্যবাহী বিষয়া কে কাৰ্টিকায়ন, বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° চি কে শৰ্মাই অগ্ৰগতিৰ এক খতিয়ান দাঙি ধৰে ।

এই অনুষ্ঠানত নাবাৰ্ডৰ অসম ক্ষেত্ৰীয় কাৰ্যালয়ৰ চিফ জেনেৰেল মেনেজাৰ এছ এছ সাহা, আটাৰী ( ভাৰতীয় কৃষি গৱেষণা পৰিষদ) গুৱাহাটী জ'নৰ সঞ্চালক ড° এ কে ত্ৰিপাঠী , অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক আৰু খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° বি এন শইকীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ উদ্যোগত নতুন দিল্লীত কংগ্ৰেছৰ দলীয় সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.