যোৰহাট, 21 আগষ্ট: যোৰহাটত একেটা দিনতে এগৰাকী সাংসদ আৰু এগৰাকী বিধায়কৰ দেহত পোৱা গ'ল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ৰাজ্যসভাৰ সাংসদ তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা কামাখ্যা প্ৰসাদ তাছাৰ লগতে, যোৰহাটৰ দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ দেহত পোৱা গৈছে এই মহামাৰীৰ অৱস্থিতি ৷
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰাই জ্বৰ আৰু কাঁহত আত্ৰান্ত হৈ আছিল সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ তাৰ পাচতেই শুকুৰবাৰে স্বাৱ পৰীক্ষা কৰোতে তেওঁৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ আনহাতে কৰ'ণাত আক্ৰান্ত দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী ভুগি আছিল শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ৷ বিধায়ক গৰাকী সম্প্ৰতি যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালৰ ICU চিকিৎসাধীন হৈ থকাৰ লগতে, সাংসদ কামাখ্যা প্ৰসাদ তাছাকো ভৰ্তি কৰোৱা হৈছে একেখন চিকিৎসালয়তে ৷
লগতে পঢ়ক: ডিফু চহৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ চহৰৰ পুৰস্কাৰ ভাৰত চৰকাৰৰ