যোৰহাট,৩০ জুন : যোৰহাটত বৃদ্ধি পাইছে চোৰৰ অতপালি (Mobile thief terror in Jorhat)। আনহাতে লুটপাত কৰাৰ বাবে চোৰে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰাও দেখা গৈছে । ইয়াৰ মাজতে যোৰহাটৰ এগৰাকী ব্যৱসায়ীক বৰ বেয়াকৈ ঠগিলে চোৰে । চেল্ফি তুলি ব্যৱসায়ীৰ ফোন লৈ উধাও হ'ল চোৰ ।
ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাটো যোৰহাট চহৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ । গ্ৰাহকৰ ৰূপত আহিছিল এটা চোৰ । প্ৰথমে প্ৰতিষ্ঠানখনৰ পৰা এটা বেগ ক্ৰয় কৰে গ্ৰাহকৰূপী চোৰটোৱে ।
ব্যৱসায়ীসকলৰ বাবে প্ৰথমজন গ্ৰাহক ভগৱান । সেয়ে ব্যৱসায়ীজনে চাহ মিঠাই খুৱালে গ্ৰাহকজনক । ব্যৱসায়ীজনৰ আকৌ এটা সাংঘাতিক চখ আছিল । তেওঁৰ দোকানলৈ অহা প্ৰায়বোৰ গ্ৰাহকৰে অনুমতি সাপেক্ষে চেল্ফি মাৰি ফেচবুকত আপলোড কৰিছিল ব্যৱসায়ীজনে ।
সেয়ে গ্ৰাহকৰূপী চোৰটোৰো চেল্ফি মাৰি ফেচবুকত আপলোড কৰিছিল ব্যৱসায়ীজনে । ইয়াৰ পাছতে গ্ৰাহকজনে এটা ফোন কৰো বুলি ব্যৱসায়ীজনৰ পৰা মোবাইলটো বিচাৰিলে । ব্যৱসায়ীজনেও গ্ৰাহক সেৱা পৰম ধৰ্ম বুলি ভাবি মোবাইলটো দিলে গ্ৰাহকক । পিছে ব্যৱসায়ীজনে জনা নাছিল যে তেওঁ ভগৱান হিচাপে আদৰ সাদৰ কৰা গ্ৰাহকজন চোৰ হে আছিল ।
যেতিয়া ব্যৱসায়ীৰ মোবাইল লৈ চোৰটো উধাও হ'ল তেতিয়াহে ব্যৱসায়ীজনে অনুশোচনা কৰিলে (People feared for mobile thieves in Jorhat)। অৱশ্যে ব্যৱসায়ীজনৰ এটা অভ্যাসে সম্ভৱত মোবাইল আৰু চোৰক বিচাৰি উলিওৱাত কিছু সহায় হ'ব । সেয়া হৈছে চোৰটোৰ সৈতে তোলা চেল্ফিখন । যিহেতু ব্যৱসায়ীজনে ফটোখন ফেচবুকত আপলোড কৰিছিল । সেয়ে বন্ধু আৰু আত্মীয়ক সেই ফটোখন শ্বেয়াৰ কৰিবলৈ তেওঁ আহ্বান জনাইছে ।
ইফালে আৰক্ষীৰ বাবেও চোৰটোক বিচাৰি উলিওৱাত সহায় হ'ব বুলি আশা কৰা হৈছে । ব্যৱসায়ীগৰাকীয়ে ইতিমধ্যে যোৰহাট থানাত এক এজাহাৰ দাখিল কৰিছে । সমগ্ৰ ঘটনাই বিভিন্নজনক আমোদ দিছে যদিও চোৰৰ অতপালি দেখি একাংশ লোক শংকিতও হৈ পৰিছে ।
লগতে পঢ়ক :Kanhaiya Lal killing case : কানহায়া হত্যাৰ আঁৰত ইছলামী সন্ত্ৰাসবাদী গোট জড়িতৰ সন্দেহ