মৰিয়নি,২৬ অক্টোবৰ: বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যই হওক বা আন ধৰণেই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে (MLA Rupjyoti Kurmi in controversy)। কেতিয়াবা বিভিন্ন বিতৰ্কিত মন্তব্যৰে সমালোচনাৰ সন্মুখনী হ'লেও ৰাইজক তেওঁ আমোদ দিবলৈও চেষ্টা কৰে । শেহতীয়াকৈ তেওঁৰ বিশেষ হাঁহিটোৱে চৰ্চা লাভ কৰিছিল । কেতিয়াবা আকৌ ভাওনাৰ মঞ্চত দেখিবলৈ পোৱা যায় বিধায়কগৰাকীক ।
এইবাৰ পুনৰ ভাৱৰীয়াৰ ৰূপত দেখা গ'ল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক । এইবাৰ বিদুৰথ ৰজাৰ চৰিত্ৰত দেখা গৈছে বিধায়কগৰাকীক (Rupjyoti Kurmi performance in Rukmini Haran play)। ভাওনাত অংশ লৈ আনন্দিত ৰূপজ্যোতি কুৰ্মী ।
উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নকছাৰি আঞ্চলিক শাখাৰ উদ্যোগত ১৭৯ নং তৰাতলি নপাম প্ৰাথমিক শাখা আৰু ৰাইজৰ সহযোগত পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ (Srimanta Sankardev birth anniversary)। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই জন্মোৎসৱৰ লগত সংগতি ৰাখি স্থানীয় যুৱক সকলৰ সহযোগত ৰুক্মিণী হৰণ ভাওনা মঞ্চস্থ কৰা হয় । এই ভাওনাতে বিদুৰথ ৰজাৰ চৰিত্ৰত মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীক দেখিবলৈ পোৱা যায় ।
ৰক্মিনী হৰণ ভাওনাত নিজৰ অভিনয়ৰ জৰিয়তে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উপস্থিত ৰাইজক আমোদ দিয়া পৰিলক্ষিত হয় । ইয়াৰ উপৰিও ৰূপজোতি কুৰ্মীয়ে নিজৰ প্ৰতিভাও ৰাজ্যবাসীৰ সন্মুখত দেখুৱাবলৈও সক্ষম হয় ।
উল্লেখ্য যে বিধায়ক হোৱাৰ পাছতো ৰূপজোতি কুৰ্মীয়ে নিজৰ প্ৰতিভাসমূহ সময় পালেই দেখুৱাবলৈ চেষ্টা কৰে । ইয়াৰ পূৰ্বেও বহুবাৰ ভাওনাৰ মঞ্চত ৰূপজ্যোতি কুৰ্মীক দেখিবলৈ পোৱা গৈছিল । অভিনয়ৰ সমান্তৰালকৈ মৰিয়নি বিধায়ক গৰাকীয়ে এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপেও ৰাজ্যবাসীৰ সন্মুখত নিজকে পৰিচয় কৰাই দিছিল ।
মুঠতে মৰিয়নিৰ বিধায়কগৰাকীক সদায় চৰ্চাত থকা দেখা যায় । সমষ্টিবাসীৰ মাজতো এইধৰণৰ কাৰ্যকলাপৰ জৰিয়তে তেওঁ সদায় চৰ্চাত থাকে । অৱশ্যে বিধায়ক হিচাপেও ৰূপজ্যোতি কুৰ্মী যথেষ্ট সফল । কংগ্ৰেছৰ পাছত বিজেপি দলত যোগদান কৰাৰ পাছতো কিন্তু সমষ্টিবাসীয়ে তেওঁক বিধায়কৰ আসনত বহুৱাইছে ।
লগতে পঢ়ক :Kali Puja celebrated at Tihu: মিলনতীৰ্থত পৰিণত টিহুৰ বালি শ্যামা পূজা