ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই

author img

By

Published : May 19, 2021, 2:31 PM IST

বুধবাৰে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই নিজ সমষ্টিৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লয় ৷ টীয়কৰ ফাৰ্ষ্ট ৰেফাৰেল ইউনিট, ভগামুখ আৰ্দশ চিকিৎসালয়, কাকজান বাগান চিকিৎসালয়ত চিকিৎসক সকলৰ সৈতে ক'ভিড মহামাৰী সংক্ৰমণ ৰোধ সম্পৰ্কত আলোচনাত মিলিত হয় বিধায়িকাগৰাকী ৷

MLA Renupama Rajkhowa takes stock of the covid situation
ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই

টীয়ক,19 মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কেবিনেট মন্ত্ৰী সকলে জিলাই জিলাই ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ সময়তে বুধবাৰে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই নিজ সমষ্টিৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷ টীয়কৰ ফাৰ্ষ্ট ৰেফাৰেল ইউনিট(FRU), ভগামুখ আৰ্দশ চিকিৎসালয়, কাকজান বাগান চিকিৎসালয়ত চিকিৎসক সকলৰ সৈতে ক'ভিড মহামাৰী সংক্ৰমণ ৰোধ সম্পৰ্কত আলোচনাত মিলিত হোৱাৰ লগতে চিকিৎসালয়খনৰ সমস্যাসমূহৰ ওপৰতো আলোচনা কৰে বিধায়িকাগৰাকীয়ে।

চিকিৎসালয় সমূহৰ চিকিৎসকৰ সমস্যা সমাধানৰ লগতে আন্তঃগাঠনি মেৰামতি সন্দৰ্ভত কৰা আলোচনাৰ অন্তত বিধায়িকাগৰাকীয়ে চিকিৎসালয়খনৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। বিধায়িকাগৰাকীৰ লগতে টীয়ক সমষ্টিৰ অসম গণ পৰিষদৰ সভাপতি বিকাশ শইকীয়াইয়ো এই আলোচনাত অংশগ্ৰহণ কৰি ক'ভিড পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সকলোকে আহ্বান জনায়।

লগতে পঢ়ক: অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.