ETV Bharat / state

Rape case at teok: সহায় খুজি ট্ৰাক চালকৰ কামনাৰ বলি হ’ল কিশোৰী

নিশাৰ ৰাজপথত কিমান সুৰক্ষিত নাৰী ? যোৰহাটৰ লাহদৈগড়ত ট্ৰাকচালকৰ পৰা সহায় খুজি কামনাৰ বলি হ’ল কিশোৰী (Minor girl raped by truck driver) ৷

Minor girl raped by truck driver at teok
সহায় খুজি ট্ৰাক চালকৰ কামনাৰ বলি হ’ল কিশোৰী
author img

By

Published : Apr 5, 2023, 11:05 PM IST

সহায় খুজি ট্ৰাক চালকৰ কামনাৰ বলি হ’ল কিশোৰী

টীয়ক, 5 এপ্ৰিল: যোৰহাটত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (Rape case at teok)৷ প্ৰেমিকৰ লগত পলাই যাবলৈ গৈ শ’লঠেকত পৰিল কিশোৰী প্ৰেমিকা ৷ ৰাজপথত ট্ৰাকচালকৰ পৰা সহায় খুজি কামনাৰ বলি হ’ল কিশোৰী (Minor girl raped by truck driver) ৷

ঘটনাৰ বিৱৰণী অনুসৰি টীয়কৰ মেলেং মেটেলিৰ এটা পৰিয়ালত এগৰাকী কিশোৰী বাস কৰিছিল ৷ তাতেই আশ্ৰয়দাতাজনৰ গাড়ী চালকজনৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল কিশোগীৰাকীৰ (Minor girl rape case) ৷ কিশোৰীগৰাকীয়ে গাড়ী চালকজনক লগ কৰাৰ দিহা কৰিছিল ৷ সেইমতেই 24 মাৰ্চৰ নিশা ঘৰৰ লোকৰ অজ্ঞাতে গোৱালপাৰালৈ বুলি যাবলৈ ওলাই আহিছিল কিশোৰীগৰাকী ৷

তাৰ পিচতে কিশোৰীগৰাকীক বিচাৰি ঘৰখনত হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ তাৰ পিচতে ঘৰৰ গৰাকীয়ে টীয়কৰ লাহদৈগড় আৰক্ষী চকীত 62/63 নম্বৰত এটা গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ ভিত্তিতেই লাহদৈগড় আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে পোহৰলৈ আহিছিল এই ভয়ংকৰ তথ্য ৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, নিশা প্ৰায় ১২ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা অৱস্থাত ট্ৰাক চালকৰ চকুত পৰিল যুৱতীগৰাকী ৷ ট্ৰাক চালকটোৱে কিশোৰীগৰাকীক ক’লৈ যাব বুলি সোধাত কিশোৰীগৰাকীয়ে গোৱালপাৰা যোৱাৰ কথা অৱগত কৰিছিল ৷ তাৰ পিচতেই ট্ৰাক চালকটোৱে সহায়ৰ আশ্বাস দি গোৱালপাৰালৈ লৈ যাব পাৰিব বুলি কৈ ট্ৰাকত উঠিবলৈ কৈছিল কিশোৰীগৰাকীক ৷ কিশোৰীগৰাকীও ট্ৰাক চালকজনৰ কথা মানি ট্ৰাকখনত উঠে ৷ ইপিনে যাত্ৰাৰ পথতে চালকটোৱে চেগ বুজি কিশোৰীগৰাকীক ট্ৰাকৰ ভিতৰতে উপৰ্যুপৰি ধৰ্ষণ কৰে ৷

ইফালে সুদীৰ্ঘ ৯ দিন যোৰহাট আৰক্ষীয়ে প্ৰযুক্তিৰ জড়িয়তে গতিবিধি লক্ষ্য কৰি মঙলবাৰে শোণিতপুৰৰ ঠেলামৰাৰ পৰা বাবুল কুমাৰ ৰয় নামৰ ট্ৰাক চালকটোক গ্ৰেপ্তাৰ কৰে (Accused arrested at teok) ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত বাবুল কুমাৰ ৰয়ক গ্ৰেপ্তাৰ কৰি ন্যায়িক আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত লয়৷ লগতে যিখন ট্ৰাকৰ ভিতৰত এনে জঘন্য কাণ্ড সংঘটিত কৰিছিল, উক্ত ট্ৰাকখনো জব্দ কৰিছে আৰক্ষীয়ে ৷

শেহতীয়াকৈ ভুক্তভোগীগৰাকীৰ মালিকৰ ঘৰত থকা গাড়ীৰ চালকজন তেওঁৰ গোৱালপাৰাৰ ঘৰলৈ যোৱাৰ পিচতে কিশোৰীগৰাকীয়ে এই পৰিকল্পনা কৰিছিল ৷ তেতিয়াই এই ভয়াবহ ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: Firing in Dhubri: ধুবুৰীৰ গোলকগঞ্জত ব্ৰয়লাৰ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.