ETV Bharat / state

Minister Pijush Hazrika: 48 ঘন্টাৰ ভিতৰত ৰং সলনি কৰিলে তিতাবৰৰ প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্তই

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 9:36 PM IST

পুনৰ বিজেপিত যোগদান তিতাবৰৰ প্ৰাক্তন পৌৰপতি তথা প্ৰাক্তন কংগ্ৰেছ কৰ্মী ৰাজীৱ দত্তৰ ৷ 48 ঘন্টাৰ ভিতৰতে ৰং সলালে ৰাজীৱ দত্তই ৷ ইপিনে অজাপক প্ৰতাৰক দল আখ্যা মন্ত্ৰী পীযুষৰ ৷

Minister Pijush Hazrika
48 ঘন্টত ৰং সলনি কৰিলে তিতাবৰৰ প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্তই
48 ঘন্টাৰ ভিতৰত ৰং সলনি কৰিলে তিতাবৰৰ প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্তই

যোৰহাট,29 আগষ্ট : শক্তিশালী দল এটা হ’বলৈ নেতৃত্বৰ লগতে তৃণমূল কৰ্মীৰ ভেঁটিও মজবুত হ’ব লাগিব ৷ সেই কথা মৰ্মে উপলব্ধি কৰিছে ৰাজ্যিক বিজেপিয়ে ৷ সেয়ে দুটা দিনে চৰ্চা চলা তিতাবৰ পৌৰসভাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি পদত্যাগী বিজেপি নেতাক পুনৰ ওভতাই আনিলে দললৈ ৷ যেন ক্ষমতাৰ বাবে ৰাজনীতিত সকলো সম্ভৱ তাৰে পুনৰ প্ৰমাণ কৰিলে বিজেপি নেতা ৰাজীৱ দত্তই ৷

ক্ষমতাৰ বাবে কিমান তললৈ নামিব পাৰে ৰাজনৈতিক দলৰ নেতা ! কংগ্ৰেছ যোগদান কৰা দুদিন পাচত পুনৰ বিজেপিত যোগদান সদ্য পদত্যাগী বিজেপি পৌৰ কৰ্মীৰ ৷ কালিলৈকে আছিল কংগ্ৰেছত, আজি পুনৰ বিজেপিলৈ ঢাপলি মেলিলে তিতাবৰৰ প্ৰাক্তন পৌৰপতি তথা প্ৰাক্তন কংগ্ৰেছ কৰ্মী ৰাজীৱ দত্তই ৷ মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতি বিজেপিত যোগদান কৰে ৰাজীৱ দত্তই ৷

ৰাজীৱ দত্তৰ সন্দৰ্ভত মন্ত্ৰী পীযুষে কয়,‘‘ ঘৰৰ লৰা পুনৰ ঘৰলৈ ওভতি আহিল ৷ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে ৰাজীৱ দত্তই পুনৰ বিজেপিত যোগদান কৰিলে ৷ অন্যগৰাকী পৌৰ সদস্য নিপা লাহন চুতীয়াই বুধবাৰে পুনৰ বিজেপিত যোগদান কৰিব ৷’’

আনহাতে অসম জাতীয় পৰিষদৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযুষে কয়,‘‘ কা’ আন্দোলনৰ নামত এই দলৰ ব্যক্তি কেইগৰাকীয়ে অসমৰ মানুহক প্ৰৱঞ্চনা কৰিব খুজিছিল ৷ কা’ আন্দোলনৰ যোগেদি কোনোৱাই মন্ত্ৰী, মুখ্যমন্ত্ৰী হ’বলৈ সপোন দেখিছিল ৷ মিছা কথা কোৱা এই ব্যক্তিকেইগৰাকীয়ে এটা দল খুলিছিল ৷ দলটোৱে মানুহক প্ৰতাৰণা কৰা বুলি গম পোৱাৰ পাচতে অসমৰ মানুহে বিদায় দিলে দলটোক ৷’’

ইফালে স্থান হেৰালে মান হেৰুৱাৰ ভয়তে নেকি পুনৰ বিজেপিত যোগদান কৰিলে ৰাজীৱ দত্তই ! 48 ঘণ্টা পাচতে পুনৰ বিজেপিলৈ ওভতিল প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্ত ৷ যাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :Titabar Municipality: দুই বিজেপি ৱাৰ্ড সদস্যৰ দলত্যাগ, কংগ্ৰেছৰ দখললৈ তিতাবৰ পৌৰসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.