যোৰহাট, 7 অক্টোবৰ : "অমৃত কলহ যাত্ৰা চৰকাৰৰ কাৰ্যসূচী ৷ ইয়াত বিধায়ক সকল কিয় নাযাব ? আজি যদি কংগ্ৰেছৰ মানুহবিলাকে তেনেদৰে ভাবে যে চৰকাৰৰ কাৰ্যসূচীত আমি নাযাও, সেই সমষ্টি বিলাকত উন্নয়নৰ কাম বিধায়ক সকলে কৰিব নোৱাৰিব ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ শনিবাৰে যোৰহাটত উপস্থিত হৈ অমৃত কলহ যাত্ৰাক লৈ এইদৰে মন্তব্য কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীজনে ৷
বিজেপি চৰকাৰে গ্ৰহণ কৰা অমৃত কলহ যাত্ৰাত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ আব্দুল বাতেন খণ্ডকাৰে অংশগ্ৰহণ কৰাক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰে-বাহিৰে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি বৃদ্ধি পোৱাৰ লগতে এই বিষয়ত কংগ্ৰেছ হাইকামাণ্ড অসন্তুষ্ট হোৱাক লৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে যোৰহাটত উপস্থিত হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
মন্ত্ৰী হাজৰীকাই কয় যে, অমৃত কলহ যাত্ৰা বিজেপি দলৰ কাৰ্যসূচী নহয় , এয়া চৰকাৰী কাৰ্যসূচী ৷ সেয়েহে ইয়াক লৈ কংগ্ৰেছে হৈ-চৈ কৰাৰ কোনো দৰকাৰ নাই ৷ জিলা আয়ুক্ত তথা বিষয়া সকলে এতিয়া কংগ্ৰেছৰ বিধায়কক মিটিঙলৈ মাতিবলৈ ভয় খাই যাব ৷ কিয়নো বিধায়কসকল বিপদত পৰিব নেকি বুলি তেওঁলোকে ভাবিব পাৰে ৷ লগতে এতিয়া কংগ্ৰেছৰ বিধায়ক সকলেও ভয় খাই যাব ৷
মন্ত্ৰীজনে পুনৰ কয়, "অমৃত কলহ যাত্ৰা বিজেপিৰ কাৰ্যসূচী নাছিল ৷ এই কথাটো কিয় কংগ্ৰেছ আৰু ভূপেন বৰাই বুজি পোৱা নাই সেই কথা মই নাজানো ৷ এই কাৰ্যসূচীত জিলা আয়ুক্তই নেতৃত্ব লয়, জিলা আয়ুক্তই সকলোকো নিমন্ত্ৰণ কৰে ৷" জিলা আয়ুক্তই নিমন্ত্ৰণ জনোৱাৰ বাবেহে মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি কয় তেওঁ ৷ চৰকাৰী কামক অন্ততঃ ৰাজনীতি কৰিব নালাগিছিল বুলিও কয় তেওঁ ৷ লগতে চৰকাৰী কামক লৈ ৰাজনীতিকৰণৰ বাবে কংগ্ৰেছ দলক ধিক্কাৰ দিয়ে মন্ত্ৰীজনে ৷
ভূপেন বৰাই এনেকুৱা কাম নকৰক বুলি আহ্বান জনায় মন্ত্ৰীজনে কয় যে, তেওঁৰ এইটোৱেই সমস্যা হৈছে যে তেওঁ বিধায়ক হৈ থকা নাই ৷ অমৃত কলহ যাত্ৰাত কংগ্ৰেছ বিধায়কে অংশগ্ৰহণ কৰাক লৈ যিকেইজন নেতাই এইকেইদিন লম্ফ-জম্ফ কৰি আছে, তেওঁলোক কোনোবা বিধায়ক হ’ব পৰা নাই অথবা বিধায়ক হৈ হাৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ একেৰাহে দহবছৰ বিধানসভাত নাথাকিলে মনটো বেয়া লাগে ৷ এই কাৰণটোৱেই এইক্ষেত্ৰত কাৰক হৈ উঠিছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : Protest against BJP : ৰাহুল গান্ধীক ৰাৱণ চৰিত্ৰৰ সৈতে ৰিজোৱাৰ বিৰুদ্ধে প্ৰতিবাদ