ETV Bharat / state

Pijush Hazarika: “কংগ্ৰেছক চাফা কৰি দিম বুলি সিদিনা অলপ ভুলকৈহে কৈছিলো”; কিয় ক’লে মন্ত্ৰী পীযুষ হাজৰীকাই - মন্ত্ৰী পীযুষ হাজৰীকা

“মই সিদিনা অলপ ভুলকৈহে কৈছিলো, মই অহংকাৰ কৰা নাই । মই কংগ্ৰেছক চাফা কৰিম বুলি কৈছিলো, কিন্তু ইতিমধ্যে কংগ্ৰেছ চাফা হৈয়ে আছে । সমগ্ৰ উজনি অসমখনত মাত্ৰ তিনিজন কংগ্ৰেছৰ বিধায়ক আছে, দুয়োপাৰে কংগ্ৰেছৰ তিনিজন বিধায়ক আছে । পাহাৰততো নাইয়েই ।” এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

Minister Pijush Hazarika
মন্ত্ৰী পীয়ুষ হাজৰীকা
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 9:39 PM IST

মন্ত্ৰী পীয়ুষ হাজৰীকা

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: কংগ্ৰেছক লৈ ধাৰাবাহিকভাৱে আক্ৰমণাত্মক মন্তব্য মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰীকাৰ ৷ “কংগ্ৰেছক উৎখাত কৰিম বা কংগ্ৰেছক চাফা কৰি দিম বুলি মই সিদিনা অলপ ভুলকৈহে কৈছিলো । আচলতে কংগ্ৰেছ চাফা হৈয়ে আছে ।“ মঙলবাৰে পুনৰ এবাৰ এই মন্তব্যৰে কংগ্ৰেছক প্ৰত্যাক্ৰমণ মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, “মই সিদিনা অলপ ভুলকৈহে কৈছিলো, মই অহংকাৰ কৰা নাই । মই কংগ্ৰেছক চাফা কৰিম বুলি কৈছিলো, কিন্তু ইতিমধ্যে কংগ্ৰেছ চাফা হৈয়ে আছে । আপোনালোকে কওক- কলিয়াবৰৰ পৰা একেবাৰে শদিয়ালৈকে ক’ৰবাত দুজনক বাদ দি কংগ্ৰেছৰ বিধায়ক আছে নেকি? ইফালে নলবাৰীৰ পৰা জোনাইলৈকে চাওক, এজনক বাদ দি ক’ৰবাত আছে নেকি ? সমগ্ৰ উজনি অসমখনত মাত্ৰ তিনিজন কংগ্ৰেছৰ বিধায়ক আছে, দুয়োপাৰে কংগ্ৰেছৰ তিনিজন বিধায়ক আছে । পাহাৰততো নাইয়েই ।”

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ অকল সংখ্যালঘু বসতিপ্ৰধান অঞ্চলতহে আছে । হয় সংখ্যালঘু বিধায়ক হিচাপে, নহ’লেবা সংখ্যালঘুৰ ভোটেৰে জিকিব পৰা তেওঁলোকৰ বিধায়ক আছে । তেওঁলোকতো ক’তো নাইয়েই, গতিকে মই ভুলকৈহে কৈছিলো চাফা কৰি দিম বুলি ।” ইয়াৰ বাবে মই ক্ষমা বিচাৰিছো বুলি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ অলৰেডী চাফা হৈ আছে আৰু অহা নিৰ্বাচনত কংগ্ৰেছ আৰু চাফা হৈ যাব ।

আনহাতে পূৰ্বতে আপুনিও এসময়ত কংগ্ৰেছ দলত আছিল বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উত্তৰ দি কয়, “ হয়, মই কংগ্ৰেছ দলত আছিলো । কিন্তু দলত এই বেয়াবোৰ দেখি পলাবলৈ বাধ্য হ’লো । কংগ্ৰেছ দলত অকল পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, অকল এটা পৰিয়ালক তেল মৰা, ভৰিত ধৰা আৰু অসমীয়াক নাইকীয়া কৰা, অসমীয়াক মষিমূৰ কৰাৰ তেওঁলোকৰ যি প্ৰয়াস, বাংলাদেশী আনি অসমীয়াক নাইকীয়া কৰাৰ তেওঁলোকৰ যি প্ৰয়াস- এইবোৰ দেখি তাৰ পৰা দৌৰি পলাই আহি মুক্তি লাভ কৰিছো আৰু বিজেপি দলত যোগদান কৰিছো ৷”

লগতে পঢ়ক: APCC: আইনৰ উৰ্দ্ধত নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.