ETV Bharat / state

য’তেই মিঞা আছে তাতেই ঢাপলি মেলিছে কংগ্ৰেছ নেতাই : জয়ন্ত মল্ল বৰুৱা

Minister Jayanta Malla Baruah : মিঞাৰ ভোটৰ আশাত তেওঁলোক দৌৰি ফুৰিছে বুলি কংগ্ৰেছক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ তিতাবৰত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Minister Jayanta Malla Baruah Slams Congress
তিতাবৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 5:33 PM IST

কংগ্ৰেছক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

যোৰহাট, 22 ডিচেম্বৰ : "বিৰোধী যিমান লগ হৈছে, ইণ্ডি এলায়েন্স নামেৰে যিটো দল হৈছে, সকলোৱে মিঞাৰ ভোটৰ ওপৰতে চিন্তা কৰি আছে ৷ গতিকে য’তেই মিঞা আছে তাতেই ঢাপলি মেলিছে তেওঁলোকে ৷" এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ শুকুৰবাৰে যোৰহাট জিলাৰ তিতাবৰত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী বৰুৱাই কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটক কটাক্ষ কৰি কয় যে, তেওঁলোকৰ প্ৰত্যেকজন নেতাই সুৰক্ষিত ঠাইবিলাক বিচাৰি ফুৰিছে যে য’ত মিঞাৰ ভোটেৰে তেওঁলোকে নিজকে সুৰক্ষিত বুলি ভাবে ৷ তিতাবৰ সমষ্টিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এইটো সমষ্টি এজন মুখ্যমন্ত্ৰীয়ে 15 বছৰ শাসন কৰি গৈছে ৷ তেওঁৰ সতি-সন্ততিয়ে এতিয়া বেলেগ সমষ্টি বিচাৰি ফুৰিব লগা হৈছে বুলি কয় মন্ত্ৰী জয়ন্ত মল্লই ৷

সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, দেউতাকে 15 বছৰ শাসন কৰা এই ঠাই তেওঁৰ বাবে সুৰক্ষিত নহয় ৷ ইয়াৰ অৰ্থ তেওঁলোকৰ সুৰক্ষা মিঞাৰ ওচৰত বুলিয়ে ভাবে বুলি কয় মন্ত্ৰী বৰুৱাই ৷ তেওঁলোকক শুভেচ্ছা দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে, যি অঞ্চলতে মিঞা আছে সেই অঞ্চলতে তেওঁলোক গৈছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, মিঞাৰ ভোটৰ আশাত তেওঁলোক দৌৰি ফুৰিছে কাৰণ অসমৰ খিলঞ্জীয়া মানুহে তেওঁলোকক ভোট নিদিয়ে বুলি তেওঁলোকে জানে ৷

ইফালে মন্ত্ৰী ৰণোজ পেগুৱে কংগ্ৰেছ দলক কটাক্ষ কৰি কয় যে, এসময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল কংগ্ৰেছৰ দুৰ্গ বুলি ভাবিছিল তেওঁলোকে ৷ কিন্তু এতিয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত এতিয়া কংগ্ৰেছ নিচিহ্ন ৷ তেওঁলোকৰ কঁকাল ইমান বেয়াকে ভাগিছে যে তেওঁলোক পুনৰায় ইয়াত উঠিব নোৱাৰে বুলি কয় মন্ত্ৰী পেগুৱে ৷

আনহাতে মন্ত্ৰী ৰণোজ পেগুৱে কয় যে, দুই-এটা সমষ্টিত স্থানীয় কাৰণত হয়তো কংগ্ৰেছ জিকে ৷ কিন্তু সেয়াও সমাপ্ত কৰিবলৈ এতিয়া বিজেপি দলে কাম কৰি আছে বুলি কয় মন্ত্ৰী পেগুৱে ৷

লগতে পঢ়ক : শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী : গহপুৰত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.