টীয়ক,25 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বৃহস্পতিবাৰে টীয়ক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ বাসগৃহত উপস্থিত হৈ বিজেপি আৰু অগপ দুয়োটা দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰাই ৷
কংগ্ৰেছে আনুষ্ঠানিক প্ৰচাৰৰ সমাপ্তৰ পৰাহে ন ন কৌশলেৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিব ৷ এই পন্থাই কোনো কাৰণতে যেন কংগ্ৰেছৰ অভিসন্ধি সফল কৰিব নোৱাৰে তাৰ বাবে প্ৰতিগৰাকী মিত্ৰজোঁটৰ কৰ্মকৰ্তাক সতৰ্ক থাকিবলৈ আহ্বান জনায় মন্ত্ৰী বৰাই ।
ইয়াৰ লগতে সমষ্টিটোৰ বিজেপিৰ দুয়োটা মণ্ডলৰ সভাপতি-সম্পাদক প্ৰমুখ্যে প্ৰতিগৰাকী কৰ্মকৰ্তাক বিগত নিৰ্বাচনী প্ৰচাৰত কৰা সহায়ৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জনাই মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক : কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ: পৱন সিং ঘাটোৱাৰ