ETV Bharat / state

Amrit Kalash Yatra: মন্ত্ৰী সিংহলে বুজাইছে; আবেগৰ লগত খেলা কৰাৰ অধিকাৰ কাৰো নাই

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 6:52 PM IST

অমৃত কলহ যাত্ৰা বিজেপিৰ কাৰ্যসূচী নহয় ৷ উক্ত কাৰ্যসূচী প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ৷ গতিকে অমৃত কলহ যাত্ৰাক লৈ ৰাজনীতিকৰণ কৰা উচিত নহয় বুলি মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ৷

Minister Ashok Singhal on Amrit Kalash Yatra
যোৰহাটত মন্ত্ৰী অশোক সিংহল
যোৰহাটত মন্ত্ৰী অশোক সিংহল

যোৰহাট, 8 অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত সমগ্ৰ দেশতে ৰূপায়ণ কৰা ‘অমৃত কলহ যাত্ৰা’ক লৈ অব্যাহত আছে বিভিন্ন প্ৰতিক্ৰিয়া ৷ বিজেপি চৰকাৰে আৰম্ভ কৰা উক্ত কলহ যাত্ৰাক বিৰোধীয়ে বিভিন্ন সময়ত সমালোচনা কৰাৰ সমান্তৰালকৈ সামাজিক মাধ্যমতো সপক্ষে-বিপক্ষে কেতবোৰ মন্তব্য দেখিবলৈ পোৱা গৈছে ৷

শেহতীয়াকৈ অসমৰ কংগ্ৰেছৰ কেইগৰাকীমান বিধায়কে উক্ত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ গোস্বামীয়ে বিষয়টো সভাপতি ভূপেন বৰাক জনোৱাৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙকো মেইলযোগে জনাইছিল আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল ৷ কিন্তু পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলক সকলোকে মত প্ৰকাশৰ পৰা বিৰত থাকিবলৈহে কোৱা পৰিলক্ষিত হ’ল ৷

অমৃত কলহ যাত্ৰাত কংগ্ৰেছী বিধায়কে অংশগ্ৰহণৰ সন্দৰ্ভত দেওবাৰে যোৰহাটত সাংবাদিকে প্ৰতিক্ৰিয়া বিচাৰিছিল মন্ত্ৰী অশোক সিংহলৰ ৷ প্ৰশ্নোত্তৰত মন্ত্ৰী সিংহলে কয় যে ‘অমৃত কলহ যাত্ৰা’ কেৱল বিজেপিৰ কাৰ্যসূচী নহয় ৷ তেওঁ কয় যে প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মেহে উক্ত কাৰ্যসূচী হাতত লোৱা হৈছে ৷ এয়া কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ কাৰ্যসূচী নহয় ৷

অমৃত কলহ যাত্ৰাত বিজেপি জিন্দাবাদ ধ্বনিও দিয়া হোৱা নাই বুলি মন্ত্ৰী অশোক সিংহলে মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে, ‘মোৰ মাটি মোৰ দেশ’ শ্ল’গানৰ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোৱে ভাল পাইছে ৷ ইয়াত ৰাজনীতিকৰণ কৰাৰ প্ৰয়োজন নাই ৷ প্ৰত্যেকঘৰ মানুহৰ পৰা এমুঠি এমুঠি মাটি নি দিল্লীত অমৃত উদ্যান আৰু অসমত কনকলতা উদ্যান নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে আৱেগৰ লগত খেলা কৰাৰ ক্ষমতা কাৰো নাই ৷

লগতে পঢ়ক: Amrit Kalash Yatra in Guwahati: বিজেপিৰ নহয়; চৰকাৰী কাৰ্যসূচী হে অমৃত কলহ যাত্ৰা ! দাবী মন্ত্ৰী পাটোৱাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.