ETV Bharat / state

কেৰালাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু - মৃত্যু

কেৰালাত ৰহস্যজনকভাৱে মৃত্যু মেৰাপানীৰ এজন যুৱকৰ ৷ 25 জুলাইত কেৰালাৰ মালাপুৰম জিলাত বাহন চালকৰূপে কৰ্মৰত সোনমণি দাসক ভাড়াঘৰৰ কোঠাত অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল তেওঁৰ বন্ধুবৰ্গই ৷ সোনমণিৰ মৃত্যুৱে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁৰ ঘৰখনত ৷

merapani youth death in kerala
কেৰালাত মেৰাপানীৰ যুৱকৰ মৃত্যু
author img

By

Published : Jul 30, 2021, 9:56 PM IST

তিতাবৰ, 30 জুলাই : পেটৰ তাড়নাত কৰ্মসংস্থাপন বিচাৰি গৈ ৰহস্যজনকভাৱে বহিঃৰাজ্য কেৰালাত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে মেৰাপানীৰ এজন যুৱকে । মেৰাপানীৰ ৰামপুৰ গাঁৱৰ নিৱাসী সোনামণি দাস নামৰ যুৱকজনৰ কেৰালাত অকাল মৃত্যু ঘটাৰ বাতৰি অহাৰ লগে লগে এতিয়া হুৱাদুৱা লাগিছে যুৱকজনৰ ঘৰখনত । জানিব পৰা মতে, কেৰালাৰ মালাপুৰম জিলাত বাহন চালকৰূপে কৰ্মৰত সোনমণিক 25 জুলাইত ভাড়াঘৰৰ কোঠাত অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল বন্ধুবৰ্গই ।

কেৰালাত মেৰাপানীৰ যুৱকৰ মৃত্যু

পৰৱৰ্তী সময়ত সোনামণিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয় যুৱকজনৰ । সুস্থ সৱল সোনামণিৰ এনে অকাল মৃত্যুক কোনোপধ্যে সহজভাৱে ল’ব পৰা নাই আত্মীয় তথা পৰিয়ালবৰ্গই । ইফালে ক’ভিড (Covid)ৰ জটিল পৰিস্থিতিৰ বাবে কেৰালাৰ পৰা মৃতদেহ স্ব-গৃহলৈ নিয়াৰ ক্ষেত্ৰতো সৃষ্টি হৈছে যথেষ্ট আহুকালৰ ।

লগতে পঢ়ক : গহপুৰত তিনি শিশুক যৌন নিৰ্যাতন চলাই পলায়ন যুৱকৰ

ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ বহিঃৰাজ্যত এনে আকস্মিক মৃত্যুৱে এতিয়া মুকবধিৰ কৰি তুলিছে বৃদ্ধ পিতৃ-মাতৃক । সোনামণিৰ কৰ্মৰত প্ৰতিষ্ঠানৰ গৰাকীৰ সৈতে বৰ্তমানেও কোনোধৰণৰ যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালবৰ্গই ।

লগতে পঢ়ক : ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি টীয়কৰ চিন্তামণিগড়ত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.