ETV Bharat / state

ভেকচিনৰ অভাৱ : বিমোৰত পৰিছে একাংশ ৰাজ্যবাসী !

author img

By

Published : Jun 30, 2021, 7:48 PM IST

Updated : Jun 30, 2021, 8:47 PM IST

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ক’ভিডৰ মেগা ভেকচিন(mega vaccination)ৰ কাম ৷ টীয়কৰ বিভিন্ন ভেকচিন প্ৰদান কেন্দ্ৰত সম্প্ৰতি ভেকচিন নাপায় বিমুখ হৈ ঘৰলৈ উভতিছে ৰাইজ ৷ ৰাজ্যৰ সকলো প্ৰান্ততে বুধবাৰৰে পৰা আৰম্ভ হৈছে শিশু সকলৰ পিচিভি (PCV) ভেকচিন প্ৰদান কাৰ্যসূচী ৷

vaccination center
ভেকচিনৰ অভাৱ

টীয়ক, 30 জুন : শেহতীয়াকৈ মেগা ভেকচিন কেন্দ্ৰ(mega vaccination center)স্থাপনৰ যোগেদি প্ৰতিদিনে তিনি লাখকৈ লোকক ভেকচিন প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল অসম চৰকাৰৰ স্বাস্থ্য বিভাগে । এই অনুসৰি বিগত ২১ জুনৰ পৰা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো বিভিন্ন স্থানত ভেকচিন প্ৰদানৰ বাবে কেন্দ্ৰ স্থাপন কৰিছিল স্বাস্থ্য বিভাগে(health department)। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু(education minister Dr Ranuj Pegu) আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health minister Keshab Mahanta) ই টীয়কৰ কেইবাটাও ভেকচিন প্ৰদান কেন্দ্ৰ (vaccination center)পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰদান কৰিছিল ।

৩০ জুন পৰ্যন্ত এই ভেকচিন প্ৰদান কেন্দ্ৰসমূহত অবিৰতভাৱে ভেকচিন প্ৰদান চলি থাকিব বুলি ঘোষণা কৰা হৈছিল ৷ এতিয়া এই কেন্দ্ৰসমূহত বিগত তিনিদিন ধৰি ভেকচিনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত পুৱতি নিশাই ভেকচিন প্ৰদান কেন্দ্ৰসমূহৰ সন্মুখত ৰাইজে শাৰী পাতিবলগীয়া অৱস্থা হৈছে ৷

পুৱতি নিশাৰ পৰা শাৰী পাতি পুৱা ভেকচিন মজুত নথকা বুলি অৱগত হৈ বিমুখমনে ঘৰলৈ ওভতি যাবলগা হৈছে ৰাইজ । ইপিনে, ভেকচিন নল'লে চৰকাৰী কৰ্মচাৰীক দৰমহা প্ৰদান কৰা নহয় বুলি চৰকাৰে ঘোষণা কৰাৰ পাছত এতিয়া ভেকচিনৰ অভাৱে বিমোৰত পেলাইছে সাধাৰণ ৰাইজৰ লগতে চৰকাৰী কৰ্মচাৰীসকলক ।

কেৱল টীয়কতেই নহয় ৰাজ্যৰ আন বহু স্থানত দেখা গৈছে প্ৰতিষেধকৰ অভাৱ ৷ যাৰ বাবে প্ৰতিষেধক প্ৰদান কেন্দ্ৰ সমূহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে ৷ ভেকচিনৰ অভাৱৰ বাবে দীৰ্ঘ সময় চিকিৎসালয়ত শাৰী পাতি থকাৰ পাচতো ভেকচিন নাপায় ঘূৰি যাব লগীয়া হৈছে ৰাইজ ৷

লগতে পঢ়ক : কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

Last Updated : Jun 30, 2021, 8:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.