যোৰহাট, 22 জুন : 21 জুন তাৰিখৰ পৰা ব্যাপক ৰূপত ক'ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এই কাৰ্যসূচী অনুসৰি প্ৰত্যেক দিনে প্ৰায় 2 লাখ 60 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে ৷ এই লৈয়ে দায়িত্বত থকা প্ৰতিগৰাকী অভিভাৱক মন্ত্ৰীয়ে নিজ নিজ জিলাৰ ভেকচিন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷
মঙলবাৰে যোৰহাটত উপস্থিত হৈ ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ মডেল ভেকচিন চেণ্টাৰত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী ৷ ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কালতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, যোৰহাটত লকডাউন নিশ্চিত নহয় যদিও পৰিস্থিতি অৱনতি ঘটিলে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷
তিনিচুকীয়া: তিনিচুকীয়া-ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই তিনিচুকীয়া জিলাত উপস্থিত হৈ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ ক'ভিড ভেকচিন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ৷ মন্ত্ৰী অতুল বৰাই তিনিচুকীয়া মানৱ কল্যান পূজা ভৱনত তিনিচুকীয়া জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন তিনিচুকীয়াৰ সহযোগত মানৱ কল্যান ট্ৰাষ্ট তথা ইংলিছ একাডেমীৰ দ্বাৰা স্থাপন কৰা ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ মন্ত্ৰী অতুল বৰাৰ লগত সংগ দিয়ে তিনিচুকীয়া জিলাৰ উপায়ুক্ত পাৱাৰ নৰচিং সম্ভাজী, অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, চক্ৰ বিষয়া সঞ্জীৱ কুমাৰ ফুকন, জিলাৰ সহায়ক আয়ুক্ত নিলোৰাম শৰ্মাই ৷
তেজপুৰ: শোণিতপুৰ জিলাৰ ক'ভিড ভেকচিন কেন্দ্ৰত চলি থকা ভেকচিন প্ৰদান কাৰ্যসূচী সামগ্ৰিক পৰিস্থিতি বুজ লয় শোণিতপুৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হাজৰিকাক সংগ দিয়ে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস আদিয়ে ৷ অহা ৩০ জুনলৈ চলিব লগীয়া এই টীকাকৰণ অভিযান যাতে সুচাৰুৰূপে আগবঢ়াই নিব পাৰি, তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ।
বঙাইগাঁও: বঙাইগাঁও জিলাৰ ক'ভিড ভেকচিন কেন্দ্ৰত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতি বুজ লয় অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে । পুৱাই বঙাইগাঁৱত উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰে মন্ত্ৰী জনে । ইয়াৰ পাচতে বঙাইগাঁৱৰ কেইবাটাও ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী ৰনজিৎ দাসে ৷ পৰিদৰ্শন কালতে বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কুমাৰ কাকতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়লা অবৈধ ব্যৱসায়ীৰ লগত জড়িত সকলোকে সকিয়নী দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে ।
লগতে পঢ়ক: মঙলবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি পৰ্ব