ETV Bharat / state

টীয়কত বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ বৈঠক

author img

By

Published : Mar 17, 2021, 7:46 AM IST

টীয়কত নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত উপস্থিত বিজেপিৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা ৷ শৰ্মাই এইবাৰৰ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ৷

টীয়কত বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ বৈঠক

টীয়ক,17মাৰ্চ: আগন্তুক বিধান সভা নিৰ্বাচন সন্দৰ্ভত মংগলবাৰে সন্ধিয়া টীয়কৰ চিপাহীখোলা মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বৈঠক ৷ এই বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা ৷ সম্পাদক গৰাকীয়ে সমষ্টিটোৰ দলীয় কৰ্মীৰ সৈতে নিৰ্বাচন সম্বন্ধীয় আলোচনাৰ বাবে এই বৈঠকত মিলিত হয় ৷

ইফালে, সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত সম্পাদক গৰাকীয়ে কয় যে, সমষ্টিটোত বিজেপি দলৰ স্থিতি অধিক শক্তিশালী আৰু বৰ্তমান মিত্ৰতাৰ প্ৰতি সন্মান জনাই বিজেপি দলৰ প্ৰতিজন কৰ্মকৰ্তাই পুনৰ চৰকাৰ গঠনত অৰিহণা যোগাব । লগতে প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰতো সম্পূৰ্ণ বিধায়কৰ ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে সম্পাদক গৰাকীয়ে ।

উল্লেখ্য যে, টীয়ক সমষ্টিত মুঠ ১২ গৰাকীকৈ বিজেপি প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব বিচাৰিছিল ৷ কিন্তু পৰৱৰ্ত্তী সময়ত পুনৰ অগপকে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কাৰণ সন্দৰ্ভে কৰা এক প্ৰশ্নত সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই এইয়া দলে লোৱা সিদ্ধান্ত বুলি মন্তব্য কৰে ৷ আগন্তুক বিধান সভা নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে সম্পাদক শৰ্মাই ৷

অন্য এক খবৰৰ বাবে: ধুবুৰীত বিজেপিৰ প্ৰাৰ্থী ডাঃ দেৱময় সান্যালৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.