যোৰহাট, 4 নৱেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যেৰে বুধবাৰে যোৰহাট জিলাৰ তিতাবৰত কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ৷
বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চই মূল্যবৃদ্ধি ৰোধৰ দাবীত তিতাবৰ ষ্টেচন তিনি আলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনাগত দিনত মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।
লগতে পঢ়ক : জাৰ্মান কনছুল জেনেৰেলে সাক্ষাৎ কৰিলে কেৰালাৰ মুখ্যমন্ত্ৰীক