যোৰহাট, 24 জুলাই : "ভাওনা ভাওনাই ,আকৌ আমি নাম দিয়াৰ প্ৰয়োজন নাই" সোমবাৰে যোৰহাটত অনুষ্ঠিত হোৱা অংকীয়া নাট আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাত উপস্থিত থাকি এই মন্তব্য কৰে বিখ্যাত মুখা শিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে ৷ যোৰহাট জিলা শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কৃষ্টিৰ কঠীয়া আৰু জিলা প্ৰশাসন সহযোগত অংকীয়া নাট আৰু সত্ৰীয়া নৃত্যৰ পদ্ধতিগত শিক্ষাৰ এক কৰ্মশালা অনুষ্ঠিত কৰে ৷ এই গ্ৰীষ্মকালীন কৰ্মশালাত 140 গৰাকী ন-শিকাৰুৱে অংকীয়া নাট আৰু সত্ৰীয়া নৃত্যৰ পদ্ধতিগত শিক্ষাগ্ৰহণ কৰে ৷
গোস্বামীয়ে লগতে কয় যে, কলা সংস্কৃতিয়ে এটা জাতিৰ পৰিচয় আৰু এখন সমাজ গঢ়িব পাৰে ৷ তেনেকুৱা সংস্কৃতি জীয়াই ৰাখিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাত মই নিজেও আনন্দিত আৰু প্ৰশংসনীয়৷ গুৰুজনাৰ ভাওনা সৃষ্টি মূলতঃ হল সুস্থ ভাৱে আৰু সংস্কৃতিৰ মাজেৰে এখন সুন্দৰ সমাজ গঢ় লোৱা আৰু ভ্ৰাতৃত্ববোধ বজাই ৰখা ৷
ঈশ্বৰ উপাসনা, ৰাম উপসনা, আধ্যাত্মিক দিশ দৰ্শন ভাওনা ৷ গুৰুজনাই দি যোৱা কৰ্মৰাজিৰ আৰু আধ্যাত্মিক চিন্তা সমাজৰ পৰা আঁতৰি গলে সমাজ বিশৃংখল হ'বই ৷ ভাওনাৰ মৌলিকতা আমাৰ মাজৰ পৰা হেৰাই গৈছে ৷ ভাওনা ভাওনাই ৷ আকৌ আমি নাম দিয়া কোনো প্ৰয়োজন নাই ৷ অসমীয়া ভাওনা, আধুনিক ভাওনা এইধৰণে নামাকৰণৰ কোনো অৰ্থ নাই ৷
মই ভাবো যে আজিৰ প্ৰজন্মই গুৰুজনাৰ সৃষ্টিক আদৰিব লাগে ৷ বৰ্তমান সময়তো ভাওনা হৈছে, নোহোৱা নহয়, কিন্তু ভাওনাৰ মৌলিকতা হেৰাই গৈছে বুলি সদৰী কৰে বিখ্যাত মুখাশিল্পীগৰাকীয়ে ৷
লগতে পঢ়ক: Palm Oil Farm at Boko : বকোত সেউজ তৈল খেজুৰ কৃষক গোটৰ প্ৰশংসনীয় পদক্ষেপ