টীয়ক, 15 জুলাই : নগা আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ কৰি চাইকেলেৰে টীয়কলৈ আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিলে অসমৰ এগৰাকী বিধায়কে ৷ অসম-নাগালেণ্ড সীমান্ত মৰিয়নীৰ পৰা চাইকেলৰে আহি টীয়কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে, অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কেবল পৰিৱৰ্তনৰ নামত ঢাকঢোল বজাই কিন্তু সঁচা অৰ্থত পৰিবৰ্তন হোৱা নাই বুলি মুখ্যমন্ত্ৰীক অভিযোগ প্ৰদান কৰে ৷ আনকি, জাতি-মাটি আৰু ভেঁটি ৰক্ষাৰ স্বাৰ্থত প্ৰায় 4 টা বছৰ অতিক্ৰম কৰাৰ পিচতো প্ৰকৃতাৰ্থত কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱা বুলি উল্লেখ কৰিলে ৷ লগতে, দীৰ্ঘদিন ধৰি অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসনৰ সমস্যা সন্দৰ্ভত বৰ্তমানৰ চৰকাৰে কোনো ধৰণৰ সমস্যা সমাধান নকৰা বুলিও মুখ্য়মন্ত্ৰীক অবগত কৰে বিধায়ক গৰাকীয়ে ৷ উক্ত বিষয় সন্দৰ্ভত বিধায়ক গৰাকীয়ে বহুবাৰ চৰকাৰক লিখিত ভাবে জনোৱাৰ পিচতো চৰকাৰে গুৰুত্ব আৰোপ নকৰা বুলি ক্ষোভ উজাৰে ৷ যাৰ বাবে বুধবাৰে টীয়কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷
উল্লেখযোগ্য যে, বুধবাৰে টীয়কৰ থানা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক : বানাক্ৰান্তলৈ ৰকিবুল-গৌৰৱে আনিলে চানা-পপকৰ্ণ