ETV Bharat / state

মৰিয়নিত কৰ‘ণা আক্ৰান্ত ৰোগীৰ দুৰৱস্থা

author img

By

Published : Aug 11, 2020, 8:02 PM IST

স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ এনে গাফিলতিৰ বাবেই আজি এটা পৰিয়ালে এইদৰে দিনটো জীয়াতু ভুগিব লগীয়া হ'ল । আজিৰ এই ঘটনাই মৰিয়নিত স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

marioni-corona-patient-story
মৰিয়নিত কৰ‘ণা আক্ৰান্ত ৰোগীৰ দুৰৱস্থা

মৰিয়নি, 11 আগষ্ট : মৰিয়নি নগৰত কৰ‘ণা আক্ৰান্তৰ লগত সংঘটিত এক ঘটনাই ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে । মৰিয়নিৰ নগৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত চলি থকা ৰেপিড এন্টিজেন টেষ্টত সোমবাৰে ক'ভিড-১৯ প'জিটিভ ধৰা পৰা 5 জনকৈ বয়সস্থ ৰোগীয়ে স্বাস্থ্যবিভাগ তথা প্ৰশাসনৰ হেমাহিৰ বাবে জীয়াতু ভুগিব লগীয় হয় ।

marioni-corona-patient-story
মৰিয়নিত কৰ‘ণা আক্ৰান্ত ৰোগীৰ দুৰৱস্থা

মৰিয়নিৰ ৪ নং ৱাৰ্ড নতুনমাটিৰ নিবাসী, মৰিয়নিৰ স্বনামধন্য শিক্ষাবিদ, তথা মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৮৪ বছৰীয়া প্ৰফুল্ল বৰুৱা তেওঁৰ পৰিয়ালৰে অৰুন বৰুৱা (৭৫), মামনি বৰুৱা (৭০), ৰুনুমনি বৰুৱা (৫৮) আৰু জিতা বৰুৱা (৫২) -ক কোভিদ এন্টিজেন টেষ্টত ক‘ভিড-19 ৰ অৱস্থিতি ধৰা পৰে। পুৱাৰে পৰা কোভিড টেষ্টৰ বাবে শাৰী পতা বয়োজ্যেষ্ঠ ব্যক্তি কেইজনক স্বাস্থ্যবিভাগ তথা প্ৰশাসনৰ হেমাহিৰ ফলত নোখোৱা নোবোৱাকৈ ৰাতি লৈকে টেষ্ট চেণ্টাৰতে আবদ্ধ হৈ থাকিব লগাত পৰে ।

marioni-corona-patient-story
মৰিয়নিত কৰ‘ণা আক্ৰান্ত ৰোগীৰ দুৰৱস্থা

নিশা 108 ৰ জৰিয়তে তিতাবৰ ক'ভিড কেয়াৰ চেন্টাৰলৈ লৈ যোৱা হয় যদিও বয়সস্থ আটাইকেইগৰাকী কোভিড আক্ৰান্ত লোক দুমহলীয়া বিল্ডিঙৰ ওপৰ মহলাত উঠিব নোৱাৰাৰ অজুহাতত তেওঁলোকক হো'ম আইছ'লেচনৰ নিৰ্দেশ দি তাতেই এৰি দিয়া হয় । প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰাত তেওঁলোকে নিজাববীয়াকৈ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিবলৈহে কয় । ইয়াৰ পিছতেই হাহাকাৰ অৱস্থাত সৃষ্টি হয় আক্ৰান্ত লোককেইজন মাজত । পিছত প্ৰফুল্ল বৰুৱাৰ পুত্ৰই নিজে কৰ'ণা নিগেটিভ হোৱা স্বত্বেও নিজেই গাড়ী লৈ আক্ৰান্তসকলক আনিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । মৰিয়নিত হো'ম আইছ'লেচনৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নানান অজুহাত দেখুৱাই অনুমতি নিদি আটাইকে লৈ গৈছিল চিকিৎসালয়লৈ ।

কিন্তু তাত উপস্থিত হোৱাৰ পিছত একেই প্ৰশাসন একেই স্বাস্থ্য বিভাগে একেখিনি মানুহক কিদৰে হো'ম আইছ'লেচনৰ অনুমতি দিব পাৰিলে সেইয়া বিচাৰ্যৰ বিষয় ।

লগতে পঢ়ক: নাগ্ৰীজুলিৰ চাহ বাগিচাত আদিবাসী চানতালী গীতৰ শ্বুটিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.