মৰিয়নি,9জুলাইঃ যোৰহাট জিলাৰ মৰিয়নি নগৰত বৃহস্পতিবাৰে পুনৰ দুজনৰ দেহত কোভিড-১৯ ধৰা পৰে। মৰিয়নি নগৰৰ ৫ নং ৱাৰ্ডৰ শংকৰদেৱ কলনীৰ বিজু দে' আৰু শৰ্মিলা লোদ দে' নামৰ দম্পতীৰ দেহত কোভিড-১৯ ধৰা পৰে। ইয়াকে লৈ মৰিয়নি নগৰত মুঠ আক্ৰান্তৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে। উল্লেখ্য,এওঁলোকৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই। শৰ্মিলা দে' নামৰ মহিলা গৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত কাম কৰে বুলি জানিব পৰা গৈছে । তাৰ পৰাই তেওঁৰ সংক্ৰমণ হয় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । কিন্তু সমগ্ৰ বিষয়টো তেওঁলোকে লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । আনকি তেওঁলোক এই সময়ছোৱাত হ'ম কোৱাৰেন্টাইনত নাছিল বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে ।

জানিব পৰা মতে দুদিনমান আগৰে পৰা তেওঁলোক দুয়ো অসুস্থ হৈ পৰাত ঘৰতেই চিকিৎসাৰ ব্যৱস্থা কৰিছিল। সেই সময়ছোৱাত মৰিয়নিৰ এখন ফাৰ্মাচীত কৰ্মৰত যুৱকে সেৱা আগবঢ়োৱাৰ বিষয়েও জানিব পৰা গৈছে। দুদিনমান পিছত দুয়ো যোৰহাটত স্বাৱৰ নমুনা পৰীক্ষাৰ বাবে দিয়ে ৷ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাত বৃহস্পতিবাৰে দুয়োকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আইছলেচনত ৰখাৰ ব্যৱস্থা কৰা হয়।

আনহাতে,আক্ৰান্ত বিজু দে'ৰ পৰিয়ালৰ কেইবাজনো লোক আজিও মৰিয়নিৰ বিভিন্ন ঠাইত ঘুৰি থকা লগতে তেওঁলোকৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰাখিছিল। ইতিমধ্যে স্বাস্থ্য বিভাগৰ লোকে আক্ৰান্ত বিজু দে'ৰ পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰি দিয়াৰ লগতে পৰিয়ালটোৰ সংস্পৰ্শলৈ অহা প্ৰায় 20 জন ব্যক্তিৰ বাসগৃহ কনটেইনমেণ্ট হ'ম হিচাপে চিহ্নিত কৰে।
অন্যহাতে দম্পতিটোৱে পুৱাই কোভিড পজিটিভ বুলি জনাৰ পাচতো তেওঁলোকৰ লগতে পৰিয়াল বৰ্গও বিভিন্ন জনৰ সংস্পৰ্শলৈ আহি স্বাস্থ্য বিভাগৰ কোনোধৰণৰ নিৰ্দেশনা নমনাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। এনে একাংশ বিবেকহীন লোকৰ বাবেই মৰিয়নি নগৰতো গণ সংক্ৰমণৰ আশংকা প্ৰকট হৈ পৰিছে । প্ৰশাসন আৰু আৰক্ষীয়ে এনে লোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাতো অতি প্ৰাসংগিক হৈ পৰিছে । চিকিৎসা মহাবিদ্যালয়ত চাকৰি কৰিও চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰা কোভিড-১৯ পজিটিভ বুলি জনাৰ পিছতো এইদৰে ওলাই ফুৰা কাৰ্যই মৰিয়নিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
লগতে পঢ়কঃ কৰ’ণা সংক্ৰমণৰ হটস্পটলৈ পৰিণত চিকিৎসালয়