মৰিয়নী, 25 মাৰ্চঃ মৰিয়নীৰ চেলেংহাটৰ এটা পুখুৰীত মাছৰ সলনি ওলাল প্ৰায় ডেৰশ গাহৰি। প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ পৰা অহা এখন 12 চকীয়া ট্ৰাকে ডেৰশ গাহৰি আনি জনাঞ্চলৰ এটা পুখুৰীত মেলি দিয়াক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ সমগ্ৰ দেশতে ল'ক ডাউন চলি থকাৰ মাজতে ট্ৰাকখনে এই ডেৰশ গাহৰি আনি মেলি দিয়ে চেলেংহাটৰ কঠালবাৰীৰ সমীপৰ এখন পথাৰৰ মাজত থকা এটা পুখুৰীত ৷ আনহাতে এই গাহৰি সমূহ চোৱাচিতা কৰিবলৈ অহা 4 জন লোকো আহিছে উত্তৰ প্ৰদেশৰ পৰা ৷
যাৰ বাবে এনে মহামাৰীৰ সময়তো বহিঃ ৰাজ্যৰ পৰা অনা গাহৰি খিনি ফাৰ্মত ৰখাৰ বিপৰীতে এটা পুখুৰীত মেলি দিয়াক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে, বহিঃ ৰাজ্যৰ পৰা অহা এইকেইজন লোকে বৰ্তমানলৈ কৰা নাই কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা ৷
লগতে পঢ়কঃ কৰ'ণা : সাংসদে ব্যৱহাৰ কৰিব পাৰিব এলেকা উন্নয়ন পুঁজিৰ ধন